Posts

Kofta curry recipe

Image
Raw Banana and Potato Kofta Curry উপকৰণ: কাচকল দুটা আলু দুটা পিয়াঁজ চাৰিটা কুটি লোৱা আদা এটুকুৰা  নহৰু জলকীয়া চাৰিটা বিলাহী দুটা বেচন আধাকাপ নিমখ হালধি জোখমতে জিৰা ধনীয়া গুৰি আধা চামুচকৈ গোটা জিৰা আধা চামুচ তেল প্ৰণালী:           কাচকল আৰু আলু সিজাই লৈ দুটা পিয়াঁজ কুটা, আদা অকণমান পিহি লোৱা, দুটা কুটা জলকীয়া, নিমখ, হালধি, বেচন দি পিটিকি ললোঁ। বেচনৰ পৰিমাণ কম বেছিও হব পাৰে। তাৰ পাছত বল বনাই কম জুইত ভাজিলোঁ।                     এতিয়া আকৌ কেৰাহীত অকণমান তেল দি গোটা জিৰা,পিয়াঁজ ডাঙৰকৈ টুকুৰা কৰা,গোটা নহৰু,আদা, জলকীয়া, বিলাহী খিনি ভাজিলোঁ। অলপ সিজা যেন হোৱাত নমাই ঠাণ্ডা কৰি পেষ্ট বনালোঁ।             আকৌ কেৰাহী গৰম কৰি এচামুছ তেল দি পেষ্টখিনি দি নিমখ,হালধি, জিৰা ধনীয়া গুৰি দি ভাজি পানী দিলোঁ। ভালদৰে উতল অহাত বৰ কেইটা দি লৰাই নমাই থলোঁ।  ফ্ৰাই কৰোঁতে তেলত এচিকুট নিমখ দি ললে তেল কম শুহে।

Base for all types of gravy or Curry - আখলঘৰ

Image
Base for all types of gravy - আখলঘৰ যিকোনো ব্যঞ্জনৰ বাবে গ্রেভিৰ আধাৰ বা বেচ - আখলঘৰ     ঘৰলৈ সৰহীয়া আলহী অহাৰ খবৰ আহিলে উথপথপ লাগে নহয় জানো। কি ৰান্ধিম, কি খুৱাম, ইমান সোনকালে কেনেকৈ যা যোগাৰ কৰিম। মটৰ পনীৰ, চলে বা বুটৰ ঘুগুনি, মাংস, কোফ্টা, পটল আলুৰ ডালনা, ৰাজমা, কণীৰ দম, ডাল ফ্ৰায় আদিকে ধৰি যিকোনো গ্ৰেভিৰ বাবে এই বেচ টো বনাই লব পাৰে। আগদিনা ৰাতিয়েই বনাই থৈ পাছদিনা মন পছন্দৰ যিকোনো ব্যঞ্জন বনাব পাৰে। ফ্ৰিজত ৰাখি কেইবাদিনো ব্যৱহাৰ কৰিব পাৰে।  উপকৰণ: পিয়াঁজ তিনিটা মধ্যমীয়া আকাৰৰ বিলাহী ডাঙৰ দুটা শুকান জলকীয়া চাৰিটা নহৰু 20 ফুটা আদা এটুকুৰা  তেজপাত দুখিলা লং তিনিটা ইলাচী তিনিটা দাল চেনী এটুকুৰা মিঠাতেল চাৰি টেবুল চামুচ পানী এক কাপ প্ৰণালী: পিয়াঁজ বাকলি গুচাই ধুই লৈ, ডাঙৰকৈ কাটি লব। নহৰু আদা বাকলি গুচাই ধুই লব। বিলাহী ধুই ডাঙৰকৈ কাটি লব। কেৰাহি গৰম কৰি দুই টেবুল চামুচ তেল দিব। তাতে শুকান জলকীয়া, লং, ইলাছি, দালছেনি, তেজ পাত দিব। কাটি লোৱা পিয়াঁজ, আদা, নহৰু যোগ দি দুই মিনিট ভাজিব। এতিয়া বিলাহী যোগ দি মধ্যমীয়া জুইত তিনি মিনিট ভাজি পানী এক কাপ দি লৰা...

পইঁতা ভাত Poita bhat

Image
নিৰামিষ পইঁতা ভাত/ পন্তা ভাত অসমৰ সকলোৰে প্ৰিয় খাদ্য পন্তা ভাত। বেয়া পোৱা খুব কমেইহে ওলাব চাগে।  ১/ পানী দিয়া ভাতৰ সৈতে নিমখ, তেল আৰু পিয়াঁজ ২/আলু পিটিকা ৩/বাদামৰ চাটনি ৪/পিয়াঁজ, জলকীয়া আৰু পানীটেঙা ৫/পটল, ভেন্দি ভাজি ৬/আচাৰ প্ৰণালী: *ৰাতিয়েই ভাতত পানী দি ৰাখিব। পৰিৱেশনত নিমখ, তেল আৰু পিয়াঁজ ব্যৱহাৰ কৰিব পাৰে। *সিদ্ধ আলুৰ লগত নিমখ, তেল, পিয়াঁজ আৰু জলকীয়া দি পিটিকা কৰিব। *বাদাম ভাজি লৈ বাকলি গুচাই আদা, নহৰু, জলকীয়া, নিমখ আৰু পানী দি মিক্সি ত পিচি লব। *কেৰাহীত তেল গৰম কৰি গোটা জীৰা, শুকান জলকীয়া আৰু পিয়াঁজ দি ভাজি কাটি লোৱা পটল আৰু ভেন্দী, নিমখ, হালধি দি অলপ সময় ভাঁজি বিলাহী এটা কাটি দিব। বিলাহী সিজাত অকণমান গৰম মচলা দি লৰাই ঢাকি দি দুই মিনিট পাছত নমাই পৰিৱেশন কৰক।

Sprouted moong raita আখলঘৰ

Image
গজালি ওলোৱা মগু-বুটৰ ৰাইটা ভাৰতীয় খাদ্য সমূহৰ সৈতে কাঁহীৰ দাঁতিত ৰাইটাৰ পৰিৱেশন কৰা হয়। নান, ৰুটি, পোলাও, বিৰীয়ানি, কাবাব, ফ্ৰাইড ৰাইচ আদিৰ লগত পৰিৱেশন কৰা হয়।  ইয়াক বিভিন্ন ধৰণে পৰিৱেশন কৰিব পাৰি। তাৰ ভিতৰত তিঁয়হৰ ৰাইটা, ভেণ্ডিৰ ৰাইটা, মিহলি পাছলিৰ ৰাইটা, বিলাহী ৰাইটা, কলৰ ৰাইটা, বিভিন্ন ফল মূলৰ ৰাইটা, গজালি ওলোৱা মগু মাহৰ ৰাইটা ইত্যাদি। উপকৰণ: দৈ : এক কাপ গজালি ওলোৱা বুট মগু: ১/৩ কাপ বিলাহী : এফাল তিঁয়হ : এটুকুৰা পিয়াঁজ: সৰু এটা ভজা বাদাম : এক চামুচ জলকীয়া: এটা নিমখ: আধা চামুচ চেনী: ১/৪ চামুচ (ঐশ্বিক) জলকীয়া গুৰি এছিকুত ভজা জীৰা গুৰি এচিকুত প্ৰণালী: *এটা পাত্ৰত দৈ খিনি ফেটী লব। * তিঁয়হ, বিলাহী, পিয়াঁজ, জলকীয়া কুটি লব। *এতিয়া দৈৰ লগত কুটি লোৱা উপকৰণৰ সৈতে গজালি ওলোৱা বুট আৰু মগু, ভজা বাদাম, নিমখ, চেনী দি এখন চামুচৰ সহায়ত মিহলাই লব।  *এতিয়া নিজৰ পছন্দৰ পাত্ৰত ঢালি লৈ জলকীয়া গুৰি আৰু জীৰা গুৰি দি পৰিৱেশন কৰক।

Dahi Fuska

Image
দহি  ফুচকা প্ৰায় লোকৰ ফুচকা বা পানী পুৰি, দহি ফুচকা বা অন্য চাট, চট্পটা খাই ভাল লাগে নহয় জানো। ঘৰতে জুতি লওঁ আহক। ইয়াৰ বাবে আপোনালোকক তলত উল্লেখ কৰা উপকৰণ কেইটা লাগিব। পাপৰৰ বাবে উপকৰণ চুজি এক কাপ ময়ডা দুই টেবুল চামুচ ৰিফাইন তেল এক চামুচ নিমখ সোৱাদ অনুসৰি বেকিং ছদা ১/৪চামুচ পানী প্ৰয়োজন অনুসৰি ভাজিবলৈ যিকোনো তেল লব প্ৰণালী:  * চুজি, ময়ডা, নিমখ আৰু বেকিং ছদা মিহলাই  লৈ ৰিফাইন দি ভালদৰে হাতেৰে সানি মিহলি কৰি লব।  *এতিয়া অলপ অলপকৈ পানী দি সানি লব।  *তাৰ পাছত আধা ঘণ্টা এখন কাপোৰে ঢাকি ৰাখিব। * মন কৰিব যে দ' টো বেছি টান বা ঢিলা হব নালাগে। টান হলে অকণমান পানী দি সানি লব, ঢিলা হলে চুজি যোগ দি সানিব।             *এতিয়া  ৰুটিৰ দৰে পাতলকৈ বেলি পুৰিৰ জোখত কাটি লব। তাৰ পাছত দীপ ফ্রায় কৰিব, মধ্যমীয়া জুইত, ৰঙচুৱা হোৱাকৈ। এতিয়া আহো  দহি ফুচকাৰ প্ৰণালী লৈ।  উপকৰণ: ফুচকা পাপৰ 12 টা দৈ আধা কাপ সিদ্ধ আলু এটা  পিয়াঁজ এটা কেঁচা জলকীয়া এটা তেতেলী চাটনি আধা চামুচ(ঐশ্বিক) কুটা ধনীয়া দুই চামুচ জলকীয়া গুৰি ১/৪ চামুচ চাত ...
Image
পন্তা ভাত/ পইতা ভাত বহাগৰ বিহুত পইতা ভাত খোৱাৰ পৰম্পৰা আছে। আজি দুপৰীয়া আমিও জুতি ললো। মোৰ পৰিৱেশনত আছিল ১/ পানী দিয়া ভাত নিমখ আৰু মিঠাতেল দিয়া ২/গুটি আলুৰ ভাজি ৩/কেপচিকাম, আলু আৰু বিন ভাজি ৪/আলু আৰু কণী পিটিকা ৫/ বেঙেনা পিটিকা ৬/কণ বিলাহী পোৰা ৭/কণ বিলাহী আচাৰ ৮/পদিনা চাটনি ৯/নেমু ১০/জলকীয়া আৰু নিমখ কেনেদৰে জুতি ললো:  *ৰাতিৰ ভাত পুৱাই পানী দি ৰাখিলোঁ।  *সৰু গুটি আলু মেথি দি ভাজিলোঁ  *পাঁচ ফোৰন দি কেপসিকাম, আলু আৰু বিন ভাজি  *আলু আৰু কণী; নিমখ, তেল, জলকীয়া আৰু পিয়াজ পাত দি পিটিকা  *বেঙেনা জলকীয়া, পিয়াজ পাত, নিমখ, তেল দি পিটিকা *কণ বিলাহী পুৰি নিমখ জলকীয়া দি পিটিকা

Meggie bhel

মেগী চাত/ভেল Lockdown বুলি ঘৰতে সোমাই আমনি লাগিছে, নহয় নে বাৰু! ইটো সিটো বনাই খাই থাকিব মন যায়। যদিও ষ্টক সীমিত। আজি মই আবেলি জুতি লবলৈ এটা ৰেছিপি আনিছোঁ। একদম উজু আৰু সোৱাদ যুক্ত। তাতে মেগীৰ, অলপ বেলেগকৈ জুতি লওঁ আহক। মেগী ভেল উপকৰণ: মেগী এক পেকেট গাজৰ এটুকুৰা বিলাহী ১/৪ টা তিয়ঁহ এটুকুৰা চানা তিনি টেবুল চামুচ পিয়াঁজ এটা জলকীয়া এটা লেমন জেষ্ট্ অকণমান (ঐশ্বিক) নেমু ৰস একচামুচ কুটি লোৱা ধনীয়া পাত এক চামুচ নিমখ সোৱাদ অনুসৰি টমটো চচ এক টেবুল চামুচ ৰিফাইন তেল একচামুচ     প্ৰণালী: কেৰাহীত তেল গৰম কৰি টুকুৰা কৰি লোৱা মেগী খিনি দুই মিনিট ভাজি লব, ৰঙচুৱা হোৱাকৈ। এতিয়া এটা পাত্ৰত টমেট চচ আৰু মেগী মচলা খিনি এখন চামুচৰ সহায়ত ভালদৰে মিহলি কৰিব। তাতে কুটি লোৱা পিয়াঁজ, জলকীয়া, তিয়ঁহ, বিলাহী, ধনীয়া, লেমন যেষ্ট আৰু পিহি লোৱা গাজৰ দি মিহলাই লৈ ভাজি লোৱা মেগী, চানা, নেমু ৰস আৰু জোখমতে নিমখ সানি পৰিবেশন কৰক। #তমেট চছ বনোৱা পদ্ধতিৰ লিংক দিছোঁ। বনাই ভালদৰে বহুদিন ৰাখিব পাৰে। https://sampurna11akholghor.blogspot.com/2020/04/blog-post.html?m=1 #মেগী খিনি শুকানে ভাজি...

Baby Tomatoes chutney/ sauce

Image
বিলাহীৰ জ্বলা মিঠা টক এইখিনি সময়ত যঠেষ্ট পৰিমাণে কণবিলাহি পোৱা যায়। বৰ বিলাহীৰ তুলনাত ইয়াৰ উৎপাদন বেছি হয়। কনবিলাহি শলাত পুৰি পিটিকা, দালিত দি, আচাৰ, চালাদ,কচু শাকৰ টেঙা আঞ্জা আদি ৰান্ধি খোৱা হয়েই। মই দুদিনত যথেষ্ট খিনি কনবিলাহী চিঙি আনি থৈছিলো। তাৰে অলপ মান বিলাহিৰে টক বনালোঁ। আহক এনেকৈ এবাৰ জুতি লৈ চাওঁ। উপকৰণ: কণ বিলাহী 250 গ্ৰাম (আনুমানিক) বৰ বিলাহী তিনিটা জালুক কেইটামান জলকীয়া 6-7 টা মান লং তিনিটা ডাল চেনী এক টুকুৰা পাঁচ ফূৰণ এক চামুচ আদা এক টুকুৰা নহৰু তিনি ফুটা আজৱাইন আধা চামুচ ক'লা জীৰা আধা চামুচ লেমণ জেষ্ট অকণমান চেনী সাত চামুচ নিমখ সোৱাদ অনুসৰি হালধি আধা চামুচ জলকীয়া গুৰি আধা চামুচ (কাশ্মীৰী) ভিনেগাৰ দুই চামুচ তেল এক চামুচ পানী ১/৩ কাপ প্ৰণালী:            বিলাহী খিনি ধুই লব। কুকাৰত পানী দি বিলাহী, নিমখ, হালধি, জলকীয়া, জালুক, লং, দালচেনি, আদা, নহৰু, পাঁচ ফুৰণ দি তিনিটা হুইছেল দি সিজাই লব। ঠাণ্ডা হলে গোটেই খিনিৰ লগতে আজৱাইন, ক'লা জীৰা,জলকীয়া গুৰি,চেনী দি মিক্সিত দি পিছি লব। ...

কচু শাকৰ আঞ্জা

Image
কচু আৰু মধুসুলেং দি মাছৰ মাথা দিয়া জালুকীয়া আমাৰ চাৰিওফালে সহজলভ্য হৈ থকা কচু শাকৰ যথেষ্ট গুণাগুণ আছে। কচুত প্ৰচুৰ পৰিমাণে ভিটামিন এ, বি6,‌‌‌‌‌আইৰণ, ফলেট, কেলচিয়াম, পটাছিয়াম, খনিজ লৱণ, আঁহ থাকে। ফলত আমাৰ চকুৰ দৃষ্টিশক্তি বঢ়াত, হাড়‌ মজবুত হোৱাত, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ, হিমগ্লবিনৰ পৰিমাণ বঢ়াই তোলে, ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। বিশেষকৈ প্ৰসূতি মাতৃক সন্তান জন্মৰ তিনি দিন বা পাঁচ দিনত কচু শাকৰ জালুকীয়া আঞ্জা খাবলৈ দিয়া হয়। যাতে শৰীৰত হিমগ্লবিনৰ পৰিমাণ অটুট থাকে।  বিশেষকৈ কচু শাক হওঁক বা অন্য থলুৱা অসমীয়া খাদ্য প্ৰণালীত বৰ বেছি মা মচলাৰ প্ৰয়োজন নাই। শাক পাতৰ নিজস্ব  বৈশিষ্ট্য আছে, গোন্ধ, সোৱাদ, ঔষধিগুনকে ধৰি অনেক গুণ আছে।  এতিয়া আহক আখলঘৰত ৰন্ধা কচু শাকৰ জুতি লওঁ। উপকৰণ: কচু শাক এমুঠি মধু সোলেঙ শাক এমুঠি বাহু মাছৰ মাথা বা কাঁইট এটা আদা নহৰু বটা আধা  চামুচ নি মখ এক  চামুচ হালধি আধা চামুচ জালুকৰ গুৰি দুই চামুচ গোটা জীৰা আধাচামুচ তেল প্ৰয়োজন অনুসৰি পানী এক কাপ প্ৰণালী:    ...

Kalonji and Coriander chutney

Image
তেনেই সহজ আৰু স্বাস্থ্যকৰ চাটনি এবিধ আগবঢ়ালোঁ। #কালজিৰা_আৰু_ধনীয়াৰ_চাটনি কালজিৰা বা কলাজিৰাৰ উপকাৰিতা সকলোৱে জানেই। সাধাৰণতে অকল কালজীৰা চাটনি খোৱা হয়। আজি মই ধনীয়াও যোগ দি বনালো। উপকৰণ: কাল জীৰা এমুঠি ধনীয়া এমুঠি নহৰু তিনি ফুটা জালুক 8-10 টা জলকীয়া দুটা নিমখ আধা চামুচ মিঠাতেল আধা চামুচ পানী প্ৰয়োজন অনুসৰি প্ৰণালী:             কাল জীৰা, জালুক আৰু নহৰু শুকানে অলপ ভাজি লব। এতিয়া সকলোখিনি উপকৰণ একেলগে পিছি লৈ ভাতৰ লগত পৰিবেশন কৰিব।                             ✍️সম্পূৰ্ণা কাকতি
Image
ভাপত দিয়া পিঠা আমি সদায় গুৰ বা চেনী আৰু নাৰিকল দি ভাপত দিয়া পিঠা খাই থাকোঁ। আজি মই অলপ বেলেগকৈ বনাবলৈ চেষ্টা কৰিলোঁ। খাই কিন্তু খুব ভাল লাগিল। এবাৰ বনাই চাবচোন। উপকৰণ: পিঠাগুৰি একাপ পাচলি মন পচন্দত লব; মই বন্ধাকবি, ফুলকবি, উলকবি (পিহি লোৱা), ধুনীয়া, আদা, জলকীয়া মিহিকৈ কুটি লৈছোঁ নিমখ সোৱাদ অনুসৰি ঘিঁ #পৰিৱেশনৰ বাবে আমলখি আৰু ধনীয়াৰ চাটনি লৈছোঁ। প্ৰণালী:            পিঠাগুৰি খিনিৰ লগত নিমখ আৰু অকণমান ঘিউ সানি লব। এতিয়া পাচলি খিনি লৈ সানি লব। অলপ অলপ পানী লৈ মুঠিয়াব পৰাকৈ সানিব চাব যাতে জৰজৰীয়াই হৈ থাকে। এতিয়া গিলাচত ঘিঁউ সানি (গিলাচ টো হুইছেলৰ জোখত ফুটাই লব) পিঠাখিনি দিব। কুকাৰত পানী অলপ গৰম হব দি হুইচেল খুলি ঢাকোণ লগাই দিব। পানী উতলিলে গিলাচ বহুৱাই ডেৰ- দুই মিনিট সময় সিজিব দিব। গিলাচটো বাতি এটাৰে ঢাকি দিব যাতে পাচলি খিনি সিজে। নমাই গৰমে গৰমে চাতনিৰ সৈতে পৰিৱেশন কৰক।
Image
পাপৰ কোমোৰাৰে ভাঙোন  মাছৰ আঞ্জা      মাছৰ আঞ্জা বনাইছিলোঁ, কিন্তু মাংস জোল খোৱা যেন লাগিছে। পাপৰৰ তৰকাৰী খোৱা হয় যদিও মাছৰ সৈতে খোৱা নাছিলোঁ। খুব ভাল লাগিল। আপোনালোকে ও বনাই চাবচোন। দুজনৰ বাবে উপকৰণ: মাছ দুপিছ কোমোৰা এডোখৰ লিজ্জত পাপৰ দুখন পিয়াঁজ এটা বিলাহী এটা আদা নহৰু পেষ্ট এক চামুচ কেঁচা জলকীয়া এটা শুকান জলকীয়া দুটা নিমখ হালধি জোখ মতে গোটা জীৰা এক চামুচ তেল পানী প্ৰণালী:             নিমখ হালধি সানি মাছ ফ্ৰাই কৰি লব। সেই তেলতে কোমোৰা আৰু পাপৰ ফ্ৰায় কৰি লব।              সেই তেলতে গোটা জীৰা দি পিয়াঁজ, কেঁচা আৰু শুকান জলকীয়া দি ভাজিব। এতিয়া আদা নহৰু পেষ্ট, বিলাহী কুটা, নিমখ, হালধি দি ভাজিব। বিলাহী গলিলে ভাজি ৰখা মাছ আৰু কোমোৰা দি ভালকৈ লৰাই পানী দিব। উতলিলে পাপৰ দিব। জোল কণ ডাঠ হৈ আহিলে নমাই ভাতৰ লগত পৰিৱেশন কৰিব।
Image
বিনা মচলাৰ সুস্বাদু জাতিলাও ভাজি উপকৰণ: জাতিলাও এটুকুৰা বগা সৰিয়হ এচামুছ নিমখ হালধি জোখমতে জলকীয়া দুটা তেল দুই চামুচ প্ৰণালী:               জাতিলাও টুকুৰা কুটি লব। এতিয়া কেৰাহী গৰম কৰি তেল দি সৰিয়হৰ ফুৰণ দি লাও খিনি যোগ কৰি লগতে নিমখ, হালধি আৰু জলকীয়া দি ভালদৰে ভাজিব। ভাজিখিনি কম জুইত ঢাকোন দি সিজাব। (ইচ্ছা কৰিলে বিলাহী যোগ দিব পাৰে।) নমাই গৰম ভাতৰ লগত পৰিবেশন কৰক।
Image
গাপত সিজোৱা চিকেন যোৱাকালি দেওবৰীয়া সাঁজত মাংস পাল মাৰি বনাইছিলোঁ। আজিকালি মাংস খাবলৈ মনেই নোযোৱা হল, যিহে গৰম। গৰমত বনাবলৈও মন নাযায়, সেয়ে চমু বাট বুলিলোঁ। কিন্তু চমু বাটটো লৈ ৰিক্স লৈ চালোঁ সঁচাকৈ খুব ভাল লাগিল। মানে মাংসখিনি খাই ভাল লাগিল। এনেকৈ যদি খোৱা নাই এবাৰ বনাই চাবচোন। বহুদিনৰ পৰা জিভাই বিচাৰি থকা নতুন জুতিটো কালি ঘপককৈ পাই গলো। এতিয়া আহোঁ ৰেছিপিলৈ:- উপকৰণ: কুকুৰা মাংস 400 গ্ৰাম  পিয়াঁজ ডাঙৰ দুটা নহৰু 10 ফুটা আদা সৰু এডোখৰ  শুকান জলকীয়া 8-9টা গোটা জালুক আধা চামুচ বিলাহী এফাল দৈ দুই টেবুল চামুচ  পকা জলকীয়া চাৰিটা মান গোটা জিৰা আধা চামুচ ধনীয়া গুৰি আধা চামুচ লং চাৰিটা ইলাচী তিনিটা ডালচেনি এটুকুৰা সৰু তেজপাত দুখিলা নিমখ হালধি জোখমতে চেনী এক চামুচ মিঠাতেল দুই চামুচ প্ৰণালী:              মাংসখিনি পোৰা আছিল বাবে মই ধোৱা নাই। পুৰি লোৱা মাংস খিনি হাঁহৰ মাংসৰ দৰে গোন্ধ ওলায় আৰু খাবলৈও খুব ভাল হয়। দৈ নিদিলেও হয়, তাৰ সলনি গ্ৰেভি হবলৈ পিয়াঁজ এটা পেষ্ট কৰিও দিব পাৰে।    প্ৰথমে , আদা, নহৰু, শুকান জলকী...

সৰু মাছৰ চৰচৰি - আখলঘৰ

Image
সৰু মাছৰ চৰচৰি অসমীয়া থলুৱা আঞ্জা বুলিলে টেঙা আৰু খাৰ বুলিয়েই প্ৰথমে মনলৈ আহে। তাতে মাছ হলে বিভিন্ন টেঙা আঞ্জাই খোৱা হয়। সৰু মাছ পাতত দিয়া জুতি লোৱা হয় যদিও সদায় পাতত দি খাব মন নাযায়, তাতে  মচমচিয়া কৈ ভাজি খাইও সদায় ভাল নালাগে। এই মাছৰ টেঙা আঞ্জাখনৰ সোৱাদ লৈ চাওঁ আহকচোন। দুজনৰ বাবে উপকৰণ: সৰু মোৱা মাছ প্ৰায় এমুঠি মান পিয়াঁজ এটা ডাঙৰ বিলাহী এটা নহৰু দুফুটা জলকীয়া দুটা নিমখ হালধি জোখমতে তেল জোখমতে পানী এক বাতি নেমু টেঙা এডোখৰ প্ৰণালী: মাছকেইটা ধুই লৈ নিমখ হালধি সানি লব।  পিয়াঁজ, বিলাহী কুটি লব। নহৰু দুফুটা থেতালি লব। জলকীয়া ফালি লব।  এতিয়া কেৰাহীত অকণমান তেল দি মাছকেইটা ভাজি লৈ উঠাই লব, মচমচিয়া নকৰিব।  সেই তেলতে পিয়াঁজ দি ভাজি নহৰু জলকীয়া দিব, তাৰ পাছত বিলাহী, নিমখ, হালধি দি ভালকৈ ভাজিব। বিলাহী গলিব ধৰিলে আধা বাতি পানী দিব আৰু বাকী থকা পানীখিনিত নেমু চেপি লৈ দি দিব। উতল আহিলে মাছ দি কম জুইত ঢাকোন দিব। পানী শুকুৱাই নিজৰ জোখত ৰাখি নমাই ভাতৰ লগত পৰিৱেশন কৰিব।
Image
আমলখি আৰু গৰৈ মাছৰ জুতিলগা আঞ্জা আমলখি, শিলিখাৰে মাছৰ জুতি নিশ্চয় লৈছে। কি অপূৰ্ব সোৱাদ নহয়নে বাৰু! আজি মই বনালোঁ আমলখি আৰু গৰৈ মাছৰ আঞ্জা। গৰৈ মাছ কেইটামান আছিল সেয়ে স্বাস্থ্যকৰ জুতিৰে বনাই মাজে মাজে খাই আছোঁ। উপকৰণ: গৰৈ মাছ দুটা আমলখি তিনিটা ডাঙৰ লৈছোঁ নহৰু দুফুটা সামান্য তেল নিমখ হালধি জোখমতে পানী এবাতি প্ৰণালী:             আমলখি তিনিটা খুন্দি গুটি উলিয়াই লব আৰু পানী বাটিত দি দিব লগত হালধি দিব। মাছ দুটা নিমখ হালধি দি ভাজি লব।  সেই তেলতে নহৰু খুন্দি দিব ৰঙচুৱা হলে আমলখি তিয়াই ৰখা পানীখিনি দি নিমখ দিব। উতল আহিলে মাছ দি কম জুইত ঢাকোন দি ৰাখিব। পানী শুকুৱাই আধা কৰিব বা নিজা জোখত ৰাখি নমাই ভাতৰ সৈতে পৰিবেশন কৰিব।
Image
তিয়ঁহৰ ৰাইতা উপকৰণ: টেঙা মিঠা দৈ একাপ সৰু তিয়ঁহ এটা মান ধনীয়া পাত চাৰি খিলা।  জিৰা গুৰি আধা চামুচ জালুক গুৰি আধা চামুচ নিমখ সোৱাদ অনুসৰি প্ৰণালী:               প্ৰথমে দৈ খিনি এটা পাত্ৰত লৈ ফেটি লব। এতিয়া তাৰ লগত ৰুকি লোৱা তিয়ঁহ, কুটি লোৱা মান ধনীয়া, ভাজি লৈ গুৰি কৰি লোৱা জিৰা গুৰি, জালুকৰ গুৰি আৰু নিমখ দি ভালকৈ মিহলাই অলপ সময় ফ্ৰীজত ৰাখি পৰিৱেশন কৰক।

Breakfast Recipe

Image
আচাৰ আৰু আলুৰ পুৰিৰ সৈতে ঘুগুনী উপকৰণ: পুৰিৰ বাবে আটা এক কাপ ময়দা আধা কাপ আলু দুটা মধ্যমীয়া আকাৰৰ (সিজোৱা) নিমখ জোখমতে হালধি এচিকুট আমৰ আচাৰ এটুকুৰা আৰু আচাৰৰ তেল তিনি চামুচ আজৱাইন এচিকুট মান ধনীয়া দুখিলামান আদা অকণমান ৰুকি লোৱা পানী ৰিফাইন তেল ভাজিবৰ জোখত প্ৰণালী:              এতিয়া এটা পাত্ৰত সকলোখিনি সামগ্ৰী(পানী, ৰিফাইন বাদ দি) একেলগে লৈ ভালদৰে সানিব। আমৰ আচাৰ টুকুৰা কুটি লৈ দিব । প্ৰয়োজন অনুসাৰে পানী যোগ দি ভালকৈ মথি লব। তাৰ পাছত আটাৰ বলটোত অকণমান ৰিফাইন সানি 15 মিনিটমান ঢাকি থব। পাছত সৰু সৰুকৈ বেলি লৈ ৰিফাইনত ভাজিব। ঘুগুণীৰ বাবে মটৰ আধাকাপ মিক্স ডালি এমুঠি বিলাহী এটা পিয়াঁজ দুটা আদা নহৰু পেষ্ট আধা চামুচ নিমখ হালধি জোখমতে গৰম মছলা আধা চামুচ মিঠাতেল জোখমতে পাঁচ ফুৰণ কেইটামান প্ৰণালী :              তিয়াই থোৱা মটৰ আৰু ডালি খিনি নিমখ হালধি আৰু জোখমতে পানী দি কুকাৰত তিনিটা চিটিত সিজাই লব। এতিয়া কেৰাহীত তেল গৰম কৰি পাঁচ ফুৰণ আৰু পিয়াঁজ দি ভাজি কুটা বিলাহী দি নিমখ অকণমান আৰু আদা নহৰু ...
Image
ৰঙালাও আগ ভাঁজি উপকৰণ: ৰঙালাও আগ কেইটামান পিয়াঁজ দুটা সৰিয়হ এচামুছ নহৰু চাৰিফুটা জলকীয়া দুটা তেঁতেলী পেষ্ট এচামুছ(ঐশ্বিক) নিমখ হালধি জোখমতে মিঠাতেল দুই চামুচ প্ৰণালী:              ৰঙালাও আগখিনি চোঁচ গুচাই জোখত কাটি লব। পিয়াঁজ, সৰিয়হ, নহৰু দুফুটা, জলকীয়া  পেষ্ট কৰি লব।              এতিয়া কেৰাহী গৰম কৰি তেল দি নহৰু দুফুটা থেতালি দি দিব। তাৰ পাছত পেষ্ট খিনি দি নিমখ হালধি দি ভালকৈ ভাজিব। কেঁচা ভাবটো যোৱাৰ পাছত শাকখিনি দি ভালকৈ লৰাব যাতে সকলোখিনি ভালদৰে মিহলি হয় তাৰ পাছত ঢাকোন দিব। এনেদৰে কম জুইত পাঁচ মিনিটমান ভজাৰ পাছত অলপ পানী যোগ দিব লগতে তেঁতেলী পেষ্টখিনিও দিব ভালদৰে লৰাই ঢাকোন দিব। পানী শুকালে নমাই ভাতৰ লগত পৰিৱেশন কৰক।    

Masala Baingan

Image
মছলা বেঙেনা উপকৰণ: সৰু বেঙেনা তিনিটা পিয়াঁজ দুটা নহৰু পাঁচ ফুটা আদা এটুকুৰা জলকীয়া দুটা বাদমৰ পেষ্ট তিনি টেবুল চামুচ(আমণ্ড আৰু কাজু লৈছোঁ) নিমখ জোখমতে হালধি আধা চামুচ গৰম মছলা আধা চামুচ পানী আধা কাপ তেল প্ৰয়োজন অনুসৰি প্ৰণালী:             বেঙেনা তিনিটা ঠাৰিৰে সৈতে লৈ গুৰিৰ ফালৰ পৰা আধাকৈ ফালি লব। পিয়াঁজ, নহৰু, আদা, জলকীয়া পেষ্ট কৰি লব। বাদাম খিনি তিয়াই ৰাখি পেষ্ট কৰি লব।              এতিয়া কেৰাহীত তেল গৰম কৰি বেঙেনা কেইটা অলপ ভাজি উঠাই থব। বেছি সিজাব নালাগে। এতিয়া সেই তেলতে হালধি দি (জলকীয়া গুৰিও দিব পাৰে, ৰং ভাল হয়) পিয়াঁজৰ পেষ্ট দি ভালদৰে কম জুইত ভাজিব। তাৰ পাছত বাদামৰ পেষ্ট খিনি দি পুনৰ তিনিমিনিট মান ভাজি পানী আৰু নিমখ দিব। উতলিবলৈ ধৰিলে বেঙেনা দি ঢাকোন দিব। সিজি থপথপীয়া হলে নমাই কুটা মানধনীয়া দি ৰুটি বা ভাতৰ লগত পৰিৱেশন কৰিব।