Posts

Showing posts from September, 2019
Image
পাপৰ কোমোৰাৰে ভাঙোন  মাছৰ আঞ্জা      মাছৰ আঞ্জা বনাইছিলোঁ, কিন্তু মাংস জোল খোৱা যেন লাগিছে। পাপৰৰ তৰকাৰী খোৱা হয় যদিও মাছৰ সৈতে খোৱা নাছিলোঁ। খুব ভাল লাগিল। আপোনালোকে ও বনাই চাবচোন। দুজনৰ বাবে উপকৰণ: মাছ দুপিছ কোমোৰা এডোখৰ লিজ্জত পাপৰ দুখন পিয়াঁজ এটা বিলাহী এটা আদা নহৰু পেষ্ট এক চামুচ কেঁচা জলকীয়া এটা শুকান জলকীয়া দুটা নিমখ হালধি জোখ মতে গোটা জীৰা এক চামুচ তেল পানী প্ৰণালী:             নিমখ হালধি সানি মাছ ফ্ৰাই কৰি লব। সেই তেলতে কোমোৰা আৰু পাপৰ ফ্ৰায় কৰি লব।              সেই তেলতে গোটা জীৰা দি পিয়াঁজ, কেঁচা আৰু শুকান জলকীয়া দি ভাজিব। এতিয়া আদা নহৰু পেষ্ট, বিলাহী কুটা, নিমখ, হালধি দি ভাজিব। বিলাহী গলিলে ভাজি ৰখা মাছ আৰু কোমোৰা দি ভালকৈ লৰাই পানী দিব। উতলিলে পাপৰ দিব। জোল কণ ডাঠ হৈ আহিলে নমাই ভাতৰ লগত পৰিৱেশন কৰিব।
Image
বিনা মচলাৰ সুস্বাদু জাতিলাও ভাজি উপকৰণ: জাতিলাও এটুকুৰা বগা সৰিয়হ এচামুছ নিমখ হালধি জোখমতে জলকীয়া দুটা তেল দুই চামুচ প্ৰণালী:               জাতিলাও টুকুৰা কুটি লব। এতিয়া কেৰাহী গৰম কৰি তেল দি সৰিয়হৰ ফুৰণ দি লাও খিনি যোগ কৰি লগতে নিমখ, হালধি আৰু জলকীয়া দি ভালদৰে ভাজিব। ভাজিখিনি কম জুইত ঢাকোন দি সিজাব। (ইচ্ছা কৰিলে বিলাহী যোগ দিব পাৰে।) নমাই গৰম ভাতৰ লগত পৰিবেশন কৰক।