Posts

Showing posts from April, 2019

Dry fish salad

Image
শুকান মাছৰ চালাড কেতিয়াবা বিবিধ ব্যঞ্জন বনাবলৈ এলাহ লাগিলে এনেকৈয়ে চালাড, চাটনি বা শুকানমাছৰ চাটনি, চালাড বা সিদ্ধ বনাও। আজি পিছে মই শুকান মাছৰ (বামলা মাছ) চালাড লৈ আনিছোঁ। একেবাৰে সাধাৰণ, একেবাৰে সহজ আৰু কম সময়ৰ ভিতৰত বনাব পাৰি এই চালাড। উপকৰণ: বামলা মাছ দুটা বিলাহী দুটা পিয়াঁজ এটা জলকীয়া তিনি চাৰিটা মান আদা এটুকুৰা নিমখ সোৱাদ অনুসৰি মিঠাতেল আধা চামুচ নেমু ৰস এচামুছ (ঐশ্বিক)    প্ৰণালী: মাছ দুটা ধুই লব। চাব যাতে কোমল হৈ নাযায়। তাৰ পাছত কম জুইত পুৰিব। পোৰা হলে চাফা কৰি সৰু সৰু টুকুৰাকৈ এৰুৱাই লৈ কাটি লোৱা বিলাহী, পিয়াঁজ, জলকীয়া, আদাৰ সৈতে নিমখ, তেল আৰু নেমুৰসৰ সৈতে ভালদৰে সানি লওঁক। আৰু ভাতৰ লগত জুতি লওক।

Dry fish chutney

Image
Dry fish chutney শুকান মাছৰ চাটনি    কেতিয়াবা অতি সাধৰণকৈ ৰান্ধি পাল মাৰিবলৈ মন যায়, নহয়নে! বিধ বিধ ব্যঞ্জন বনাব মন নগলে মই প্ৰায়েই এনেদৰে ভাতৰ লগত ডালি, পিটিকা বা এখন ভাজি আৰু লগত অকণমান শুকান মাছৰ চাটনি।   তেন্তে কণবিলাহীৰে শুকানমাছৰ জুতি লওঁ আহক। উপকৰণ: কণবিলাহী ১০-১২টা মান শুকান মাছ ৭-৮ টা জলকীয়া ৪ টা নহৰু ৬ফুটা আদা এটুকুৰা পাতলকৈ কাটি লৈছোঁ পিয়াঁজ এটা কাটি লোৱা নিমখ সোৱাদ অনুসৰি    প্ৰণালী: কণবিলাহী কেইটা শলাত শালি লৈ কম জুইত পুৰি লব। এতিয়া এখন টাৱা গৰমাই লৈ জলকীয়া, মাছকেইটা, নহৰু, আদা কম জুইত ভালদৰে সেকি লৈ কাঢ়ি থব। সেই টাৱাতে কাটি থোৱা পিয়াঁজ খিনি ভাজিব/ সেকিব।                    এতিয়া খুন্দনাত মাছ, আদা, নহৰু, জলকীয়া দি খুন্দিব। আদা-নহৰু মিহি হোৱাত পিয়াঁজ দি অলপ খুন্দি(একেবাৰে মিহি কৰিব নালাগে) বিলাহী আৰু নিমখ দি লাহে লাহে খুন্দিব যাতে বিলাহী ভালদৰে মিহি হয়। তাৰ পাছত গৰম গৰম ভাতৰ লগত ডালি আৰু পিটিকাৰ সৈতে জুতি লওঁক।