Posts

Showing posts from August, 2019
Image
গাপত সিজোৱা চিকেন যোৱাকালি দেওবৰীয়া সাঁজত মাংস পাল মাৰি বনাইছিলোঁ। আজিকালি মাংস খাবলৈ মনেই নোযোৱা হল, যিহে গৰম। গৰমত বনাবলৈও মন নাযায়, সেয়ে চমু বাট বুলিলোঁ। কিন্তু চমু বাটটো লৈ ৰিক্স লৈ চালোঁ সঁচাকৈ খুব ভাল লাগিল। মানে মাংসখিনি খাই ভাল লাগিল। এনেকৈ যদি খোৱা নাই এবাৰ বনাই চাবচোন। বহুদিনৰ পৰা জিভাই বিচাৰি থকা নতুন জুতিটো কালি ঘপককৈ পাই গলো। এতিয়া আহোঁ ৰেছিপিলৈ:- উপকৰণ: কুকুৰা মাংস 400 গ্ৰাম  পিয়াঁজ ডাঙৰ দুটা নহৰু 10 ফুটা আদা সৰু এডোখৰ  শুকান জলকীয়া 8-9টা গোটা জালুক আধা চামুচ বিলাহী এফাল দৈ দুই টেবুল চামুচ  পকা জলকীয়া চাৰিটা মান গোটা জিৰা আধা চামুচ ধনীয়া গুৰি আধা চামুচ লং চাৰিটা ইলাচী তিনিটা ডালচেনি এটুকুৰা সৰু তেজপাত দুখিলা নিমখ হালধি জোখমতে চেনী এক চামুচ মিঠাতেল দুই চামুচ প্ৰণালী:              মাংসখিনি পোৰা আছিল বাবে মই ধোৱা নাই। পুৰি লোৱা মাংস খিনি হাঁহৰ মাংসৰ দৰে গোন্ধ ওলায় আৰু খাবলৈও খুব ভাল হয়। দৈ নিদিলেও হয়, তাৰ সলনি গ্ৰেভি হবলৈ পিয়াঁজ এটা পেষ্ট কৰিও দিব পাৰে।    প্ৰথমে , আদা, নহৰু, শুকান জলকীয়া, বিলাহী, দৈ, জিৰা, ধনীয়া, লং, ইলাচী একেলগে পিচি লব।   দ্

সৰু মাছৰ চৰচৰি - আখলঘৰ

Image
সৰু মাছৰ চৰচৰি অসমীয়া থলুৱা আঞ্জা বুলিলে টেঙা আৰু খাৰ বুলিয়েই প্ৰথমে মনলৈ আহে। তাতে মাছ হলে বিভিন্ন টেঙা আঞ্জাই খোৱা হয়। সৰু মাছ পাতত দিয়া জুতি লোৱা হয় যদিও সদায় পাতত দি খাব মন নাযায়, তাতে  মচমচিয়া কৈ ভাজি খাইও সদায় ভাল নালাগে। এই মাছৰ টেঙা আঞ্জাখনৰ সোৱাদ লৈ চাওঁ আহকচোন। দুজনৰ বাবে উপকৰণ: সৰু মোৱা মাছ প্ৰায় এমুঠি মান পিয়াঁজ এটা ডাঙৰ বিলাহী এটা নহৰু দুফুটা জলকীয়া দুটা নিমখ হালধি জোখমতে তেল জোখমতে পানী এক বাতি নেমু টেঙা এডোখৰ প্ৰণালী: মাছকেইটা ধুই লৈ নিমখ হালধি সানি লব।  পিয়াঁজ, বিলাহী কুটি লব। নহৰু দুফুটা থেতালি লব। জলকীয়া ফালি লব।  এতিয়া কেৰাহীত অকণমান তেল দি মাছকেইটা ভাজি লৈ উঠাই লব, মচমচিয়া নকৰিব।  সেই তেলতে পিয়াঁজ দি ভাজি নহৰু জলকীয়া দিব, তাৰ পাছত বিলাহী, নিমখ, হালধি দি ভালকৈ ভাজিব। বিলাহী গলিব ধৰিলে আধা বাতি পানী দিব আৰু বাকী থকা পানীখিনিত নেমু চেপি লৈ দি দিব। উতল আহিলে মাছ দি কম জুইত ঢাকোন দিব। পানী শুকুৱাই নিজৰ জোখত ৰাখি নমাই ভাতৰ লগত পৰিৱেশন কৰিব।
Image
আমলখি আৰু গৰৈ মাছৰ জুতিলগা আঞ্জা আমলখি, শিলিখাৰে মাছৰ জুতি নিশ্চয় লৈছে। কি অপূৰ্ব সোৱাদ নহয়নে বাৰু! আজি মই বনালোঁ আমলখি আৰু গৰৈ মাছৰ আঞ্জা। গৰৈ মাছ কেইটামান আছিল সেয়ে স্বাস্থ্যকৰ জুতিৰে বনাই মাজে মাজে খাই আছোঁ। উপকৰণ: গৰৈ মাছ দুটা আমলখি তিনিটা ডাঙৰ লৈছোঁ নহৰু দুফুটা সামান্য তেল নিমখ হালধি জোখমতে পানী এবাতি প্ৰণালী:             আমলখি তিনিটা খুন্দি গুটি উলিয়াই লব আৰু পানী বাটিত দি দিব লগত হালধি দিব। মাছ দুটা নিমখ হালধি দি ভাজি লব।  সেই তেলতে নহৰু খুন্দি দিব ৰঙচুৱা হলে আমলখি তিয়াই ৰখা পানীখিনি দি নিমখ দিব। উতল আহিলে মাছ দি কম জুইত ঢাকোন দি ৰাখিব। পানী শুকুৱাই আধা কৰিব বা নিজা জোখত ৰাখি নমাই ভাতৰ সৈতে পৰিবেশন কৰিব।
Image
তিয়ঁহৰ ৰাইতা উপকৰণ: টেঙা মিঠা দৈ একাপ সৰু তিয়ঁহ এটা মান ধনীয়া পাত চাৰি খিলা।  জিৰা গুৰি আধা চামুচ জালুক গুৰি আধা চামুচ নিমখ সোৱাদ অনুসৰি প্ৰণালী:               প্ৰথমে দৈ খিনি এটা পাত্ৰত লৈ ফেটি লব। এতিয়া তাৰ লগত ৰুকি লোৱা তিয়ঁহ, কুটি লোৱা মান ধনীয়া, ভাজি লৈ গুৰি কৰি লোৱা জিৰা গুৰি, জালুকৰ গুৰি আৰু নিমখ দি ভালকৈ মিহলাই অলপ সময় ফ্ৰীজত ৰাখি পৰিৱেশন কৰক।

Breakfast Recipe

Image
আচাৰ আৰু আলুৰ পুৰিৰ সৈতে ঘুগুনী উপকৰণ: পুৰিৰ বাবে আটা এক কাপ ময়দা আধা কাপ আলু দুটা মধ্যমীয়া আকাৰৰ (সিজোৱা) নিমখ জোখমতে হালধি এচিকুট আমৰ আচাৰ এটুকুৰা আৰু আচাৰৰ তেল তিনি চামুচ আজৱাইন এচিকুট মান ধনীয়া দুখিলামান আদা অকণমান ৰুকি লোৱা পানী ৰিফাইন তেল ভাজিবৰ জোখত প্ৰণালী:              এতিয়া এটা পাত্ৰত সকলোখিনি সামগ্ৰী(পানী, ৰিফাইন বাদ দি) একেলগে লৈ ভালদৰে সানিব। আমৰ আচাৰ টুকুৰা কুটি লৈ দিব । প্ৰয়োজন অনুসাৰে পানী যোগ দি ভালকৈ মথি লব। তাৰ পাছত আটাৰ বলটোত অকণমান ৰিফাইন সানি 15 মিনিটমান ঢাকি থব। পাছত সৰু সৰুকৈ বেলি লৈ ৰিফাইনত ভাজিব। ঘুগুণীৰ বাবে মটৰ আধাকাপ মিক্স ডালি এমুঠি বিলাহী এটা পিয়াঁজ দুটা আদা নহৰু পেষ্ট আধা চামুচ নিমখ হালধি জোখমতে গৰম মছলা আধা চামুচ মিঠাতেল জোখমতে পাঁচ ফুৰণ কেইটামান প্ৰণালী :              তিয়াই থোৱা মটৰ আৰু ডালি খিনি নিমখ হালধি আৰু জোখমতে পানী দি কুকাৰত তিনিটা চিটিত সিজাই লব। এতিয়া কেৰাহীত তেল গৰম কৰি পাঁচ ফুৰণ আৰু পিয়াঁজ দি ভাজি কুটা বিলাহী দি নিমখ অকণমান আৰু আদা নহৰু পেষ্ট  দি ভাজিব। বিলাহী গলিব ধৰাত সিজাই ৰখা মটৰ-ডালি খিনি দিব। তাতে গ
Image
ৰঙালাও আগ ভাঁজি উপকৰণ: ৰঙালাও আগ কেইটামান পিয়াঁজ দুটা সৰিয়হ এচামুছ নহৰু চাৰিফুটা জলকীয়া দুটা তেঁতেলী পেষ্ট এচামুছ(ঐশ্বিক) নিমখ হালধি জোখমতে মিঠাতেল দুই চামুচ প্ৰণালী:              ৰঙালাও আগখিনি চোঁচ গুচাই জোখত কাটি লব। পিয়াঁজ, সৰিয়হ, নহৰু দুফুটা, জলকীয়া  পেষ্ট কৰি লব।              এতিয়া কেৰাহী গৰম কৰি তেল দি নহৰু দুফুটা থেতালি দি দিব। তাৰ পাছত পেষ্ট খিনি দি নিমখ হালধি দি ভালকৈ ভাজিব। কেঁচা ভাবটো যোৱাৰ পাছত শাকখিনি দি ভালকৈ লৰাব যাতে সকলোখিনি ভালদৰে মিহলি হয় তাৰ পাছত ঢাকোন দিব। এনেদৰে কম জুইত পাঁচ মিনিটমান ভজাৰ পাছত অলপ পানী যোগ দিব লগতে তেঁতেলী পেষ্টখিনিও দিব ভালদৰে লৰাই ঢাকোন দিব। পানী শুকালে নমাই ভাতৰ লগত পৰিৱেশন কৰক।    

Masala Baingan

Image
মছলা বেঙেনা উপকৰণ: সৰু বেঙেনা তিনিটা পিয়াঁজ দুটা নহৰু পাঁচ ফুটা আদা এটুকুৰা জলকীয়া দুটা বাদমৰ পেষ্ট তিনি টেবুল চামুচ(আমণ্ড আৰু কাজু লৈছোঁ) নিমখ জোখমতে হালধি আধা চামুচ গৰম মছলা আধা চামুচ পানী আধা কাপ তেল প্ৰয়োজন অনুসৰি প্ৰণালী:             বেঙেনা তিনিটা ঠাৰিৰে সৈতে লৈ গুৰিৰ ফালৰ পৰা আধাকৈ ফালি লব। পিয়াঁজ, নহৰু, আদা, জলকীয়া পেষ্ট কৰি লব। বাদাম খিনি তিয়াই ৰাখি পেষ্ট কৰি লব।              এতিয়া কেৰাহীত তেল গৰম কৰি বেঙেনা কেইটা অলপ ভাজি উঠাই থব। বেছি সিজাব নালাগে। এতিয়া সেই তেলতে হালধি দি (জলকীয়া গুৰিও দিব পাৰে, ৰং ভাল হয়) পিয়াঁজৰ পেষ্ট দি ভালদৰে কম জুইত ভাজিব। তাৰ পাছত বাদামৰ পেষ্ট খিনি দি পুনৰ তিনিমিনিট মান ভাজি পানী আৰু নিমখ দিব। উতলিবলৈ ধৰিলে বেঙেনা দি ঢাকোন দিব। সিজি থপথপীয়া হলে নমাই কুটা মানধনীয়া দি ৰুটি বা ভাতৰ লগত পৰিৱেশন কৰিব।
Image
গৰৈ মাছৰ পিটিকা হালধি পাতত দিয়া মচন্দৰীৰে মাছৰ পিটিকা       গৰৈ মাছৰ পোৰা পিটিকাকণৰ জুতিয়ে বেলেগ নহয়নে বাৰু? সেয়ে মই অকণমান বেলেগকৈ বনালোঁ খাই কিন্তু খুব ভাল লাগিল। এতিয়া আহোঁ ৰেছিপিলৈ 🐟🐟 উপকৰণ: গৰৈ মাছ এটা মচন্দৰী এমুঠি নহৰু দুফুটা জলকীয়া এটা পিয়াঁজ এটা নিমখ জোখমতে কেঁচা মিঠাতেল প্ৰায় আধা চামুচ মান ধনীয়া পাত চাৰি খিলা হালধি পাত কেইখিলামান প্ৰণালী:              মাছটো হালধি পাতত মেৰিয়াই কম জুইত টাৱাত সেকি লব। সেইদৰে হালধি পাতত মেৰিয়াই মচন্দৰী, নহৰু, জলকীয়া দি একেদৰে টাৱাত সেকিব। তাৰ পাছত মাছটো উলিয়াই শলাত ভৰাই পুৰি লব; নললেও হয় মই জুইৰ পোৰা গোন্ধটোও আহিবলৈ পুৰিছোঁ। এতিয়া মাছটো অলপ চাফা কৰি খুন্দনাত খুন্দিব লগত পাতত দিয়া মচন্দৰী, নহৰু, জলকীয়া, নিমখ যোগ দিব। তাৰ পাছত কেঁচা পিয়াঁজ কুটা, মান ধনীয়া কুটা আৰু মিঠাতেল সানি ভাতৰ লগত পৰিৱেশন কৰিব।