গৰৈ মাছৰ পিটিকা

হালধি পাতত দিয়া মচন্দৰীৰে মাছৰ পিটিকা


      গৰৈ মাছৰ পোৰা পিটিকাকণৰ জুতিয়ে বেলেগ নহয়নে বাৰু? সেয়ে মই অকণমান বেলেগকৈ বনালোঁ খাই কিন্তু খুব ভাল লাগিল। এতিয়া আহোঁ ৰেছিপিলৈ 🐟🐟

উপকৰণ:
গৰৈ মাছ এটা
মচন্দৰী এমুঠি
নহৰু দুফুটা
জলকীয়া এটা
পিয়াঁজ এটা
নিমখ জোখমতে
কেঁচা মিঠাতেল প্ৰায় আধা চামুচ
মান ধনীয়া পাত চাৰি খিলা
হালধি পাত কেইখিলামান

প্ৰণালী:
             মাছটো হালধি পাতত মেৰিয়াই কম জুইত টাৱাত সেকি লব। সেইদৰে হালধি পাতত মেৰিয়াই মচন্দৰী, নহৰু, জলকীয়া দি একেদৰে টাৱাত সেকিব। তাৰ পাছত মাছটো উলিয়াই শলাত ভৰাই পুৰি লব; নললেও হয় মই জুইৰ পোৰা গোন্ধটোও আহিবলৈ পুৰিছোঁ। এতিয়া মাছটো অলপ চাফা কৰি খুন্দনাত খুন্দিব লগত পাতত দিয়া মচন্দৰী, নহৰু, জলকীয়া, নিমখ যোগ দিব। তাৰ পাছত কেঁচা পিয়াঁজ কুটা, মান ধনীয়া কুটা আৰু মিঠাতেল সানি ভাতৰ লগত পৰিৱেশন কৰিব।

Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce