Posts

Showing posts from April, 2020
Image
পন্তা ভাত/ পইতা ভাত বহাগৰ বিহুত পইতা ভাত খোৱাৰ পৰম্পৰা আছে। আজি দুপৰীয়া আমিও জুতি ললো। মোৰ পৰিৱেশনত আছিল ১/ পানী দিয়া ভাত নিমখ আৰু মিঠাতেল দিয়া ২/গুটি আলুৰ ভাজি ৩/কেপচিকাম, আলু আৰু বিন ভাজি ৪/আলু আৰু কণী পিটিকা ৫/ বেঙেনা পিটিকা ৬/কণ বিলাহী পোৰা ৭/কণ বিলাহী আচাৰ ৮/পদিনা চাটনি ৯/নেমু ১০/জলকীয়া আৰু নিমখ কেনেদৰে জুতি ললো:  *ৰাতিৰ ভাত পুৱাই পানী দি ৰাখিলোঁ।  *সৰু গুটি আলু মেথি দি ভাজিলোঁ  *পাঁচ ফোৰন দি কেপসিকাম, আলু আৰু বিন ভাজি  *আলু আৰু কণী; নিমখ, তেল, জলকীয়া আৰু পিয়াজ পাত দি পিটিকা  *বেঙেনা জলকীয়া, পিয়াজ পাত, নিমখ, তেল দি পিটিকা *কণ বিলাহী পুৰি নিমখ জলকীয়া দি পিটিকা

Meggie bhel

মেগী চাত/ভেল Lockdown বুলি ঘৰতে সোমাই আমনি লাগিছে, নহয় নে বাৰু! ইটো সিটো বনাই খাই থাকিব মন যায়। যদিও ষ্টক সীমিত। আজি মই আবেলি জুতি লবলৈ এটা ৰেছিপি আনিছোঁ। একদম উজু আৰু সোৱাদ যুক্ত। তাতে মেগীৰ, অলপ বেলেগকৈ জুতি লওঁ আহক। মেগী ভেল উপকৰণ: মেগী এক পেকেট গাজৰ এটুকুৰা বিলাহী ১/৪ টা তিয়ঁহ এটুকুৰা চানা তিনি টেবুল চামুচ পিয়াঁজ এটা জলকীয়া এটা লেমন জেষ্ট্ অকণমান (ঐশ্বিক) নেমু ৰস একচামুচ কুটি লোৱা ধনীয়া পাত এক চামুচ নিমখ সোৱাদ অনুসৰি টমটো চচ এক টেবুল চামুচ ৰিফাইন তেল একচামুচ     প্ৰণালী: কেৰাহীত তেল গৰম কৰি টুকুৰা কৰি লোৱা মেগী খিনি দুই মিনিট ভাজি লব, ৰঙচুৱা হোৱাকৈ। এতিয়া এটা পাত্ৰত টমেট চচ আৰু মেগী মচলা খিনি এখন চামুচৰ সহায়ত ভালদৰে মিহলি কৰিব। তাতে কুটি লোৱা পিয়াঁজ, জলকীয়া, তিয়ঁহ, বিলাহী, ধনীয়া, লেমন যেষ্ট আৰু পিহি লোৱা গাজৰ দি মিহলাই লৈ ভাজি লোৱা মেগী, চানা, নেমু ৰস আৰু জোখমতে নিমখ সানি পৰিবেশন কৰক। #তমেট চছ বনোৱা পদ্ধতিৰ লিংক দিছোঁ। বনাই ভালদৰে বহুদিন ৰাখিব পাৰে। https://sampurna11akholghor.blogspot.com/2020/04/blog-post.html?m=1 #মেগী খিনি শুকানে ভাজি লব পাৰে।

Baby Tomatoes chutney/ sauce

Image
বিলাহীৰ জ্বলা মিঠা টক এইখিনি সময়ত যঠেষ্ট পৰিমাণে কণবিলাহি পোৱা যায়। বৰ বিলাহীৰ তুলনাত ইয়াৰ উৎপাদন বেছি হয়। কনবিলাহি শলাত পুৰি পিটিকা, দালিত দি, আচাৰ, চালাদ,কচু শাকৰ টেঙা আঞ্জা আদি ৰান্ধি খোৱা হয়েই। মই দুদিনত যথেষ্ট খিনি কনবিলাহী চিঙি আনি থৈছিলো। তাৰে অলপ মান বিলাহিৰে টক বনালোঁ। আহক এনেকৈ এবাৰ জুতি লৈ চাওঁ। উপকৰণ: কণ বিলাহী 250 গ্ৰাম (আনুমানিক) বৰ বিলাহী তিনিটা জালুক কেইটামান জলকীয়া 6-7 টা মান লং তিনিটা ডাল চেনী এক টুকুৰা পাঁচ ফূৰণ এক চামুচ আদা এক টুকুৰা নহৰু তিনি ফুটা আজৱাইন আধা চামুচ ক'লা জীৰা আধা চামুচ লেমণ জেষ্ট অকণমান চেনী সাত চামুচ নিমখ সোৱাদ অনুসৰি হালধি আধা চামুচ জলকীয়া গুৰি আধা চামুচ (কাশ্মীৰী) ভিনেগাৰ দুই চামুচ তেল এক চামুচ পানী ১/৩ কাপ প্ৰণালী:            বিলাহী খিনি ধুই লব। কুকাৰত পানী দি বিলাহী, নিমখ, হালধি, জলকীয়া, জালুক, লং, দালচেনি, আদা, নহৰু, পাঁচ ফুৰণ দি তিনিটা হুইছেল দি সিজাই লব। ঠাণ্ডা হলে গোটেই খিনিৰ লগতে আজৱাইন, ক'লা জীৰা,জলকীয়া গুৰি,চেনী দি মিক্সিত দি পিছি লব।           এতিয়া কেৰাহীত তেল গৰমাই লৈ পেস্ত