Meggie bhel

মেগী চাত/ভেল
Lockdown বুলি ঘৰতে সোমাই আমনি লাগিছে, নহয় নে বাৰু! ইটো সিটো বনাই খাই থাকিব মন যায়। যদিও ষ্টক সীমিত। আজি মই আবেলি জুতি লবলৈ এটা ৰেছিপি আনিছোঁ। একদম উজু আৰু সোৱাদ যুক্ত। তাতে মেগীৰ, অলপ বেলেগকৈ জুতি লওঁ আহক।

মেগী ভেল
উপকৰণ:
মেগী এক পেকেট
গাজৰ এটুকুৰা
বিলাহী ১/৪ টা
তিয়ঁহ এটুকুৰা
চানা তিনি টেবুল চামুচ
পিয়াঁজ এটা
জলকীয়া এটা
লেমন জেষ্ট্ অকণমান (ঐশ্বিক)
নেমু ৰস একচামুচ
কুটি লোৱা ধনীয়া পাত এক চামুচ
নিমখ সোৱাদ অনুসৰি
টমটো চচ এক টেবুল চামুচ
ৰিফাইন তেল একচামুচ

    প্ৰণালী: কেৰাহীত তেল গৰম কৰি টুকুৰা কৰি লোৱা মেগী খিনি দুই মিনিট ভাজি লব, ৰঙচুৱা হোৱাকৈ। এতিয়া এটা পাত্ৰত টমেট চচ আৰু মেগী মচলা খিনি এখন চামুচৰ সহায়ত ভালদৰে মিহলি কৰিব। তাতে কুটি লোৱা পিয়াঁজ, জলকীয়া, তিয়ঁহ, বিলাহী, ধনীয়া, লেমন যেষ্ট আৰু পিহি লোৱা গাজৰ দি মিহলাই লৈ ভাজি লোৱা মেগী, চানা, নেমু ৰস আৰু জোখমতে নিমখ সানি পৰিবেশন কৰক।

#তমেট চছ বনোৱা পদ্ধতিৰ লিংক দিছোঁ। বনাই ভালদৰে বহুদিন ৰাখিব পাৰে।
https://sampurna11akholghor.blogspot.com/2020/04/blog-post.html?m=1

#মেগী খিনি শুকানে ভাজি লব পাৰে। 

Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce