Posts

Showing posts from August, 2020

Base for all types of gravy or Curry - আখলঘৰ

Image
Base for all types of gravy - আখলঘৰ যিকোনো ব্যঞ্জনৰ বাবে গ্রেভিৰ আধাৰ বা বেচ - আখলঘৰ     ঘৰলৈ সৰহীয়া আলহী অহাৰ খবৰ আহিলে উথপথপ লাগে নহয় জানো। কি ৰান্ধিম, কি খুৱাম, ইমান সোনকালে কেনেকৈ যা যোগাৰ কৰিম। মটৰ পনীৰ, চলে বা বুটৰ ঘুগুনি, মাংস, কোফ্টা, পটল আলুৰ ডালনা, ৰাজমা, কণীৰ দম, ডাল ফ্ৰায় আদিকে ধৰি যিকোনো গ্ৰেভিৰ বাবে এই বেচ টো বনাই লব পাৰে। আগদিনা ৰাতিয়েই বনাই থৈ পাছদিনা মন পছন্দৰ যিকোনো ব্যঞ্জন বনাব পাৰে। ফ্ৰিজত ৰাখি কেইবাদিনো ব্যৱহাৰ কৰিব পাৰে।  উপকৰণ: পিয়াঁজ তিনিটা মধ্যমীয়া আকাৰৰ বিলাহী ডাঙৰ দুটা শুকান জলকীয়া চাৰিটা নহৰু 20 ফুটা আদা এটুকুৰা  তেজপাত দুখিলা লং তিনিটা ইলাচী তিনিটা দাল চেনী এটুকুৰা মিঠাতেল চাৰি টেবুল চামুচ পানী এক কাপ প্ৰণালী: পিয়াঁজ বাকলি গুচাই ধুই লৈ, ডাঙৰকৈ কাটি লব। নহৰু আদা বাকলি গুচাই ধুই লব। বিলাহী ধুই ডাঙৰকৈ কাটি লব। কেৰাহি গৰম কৰি দুই টেবুল চামুচ তেল দিব। তাতে শুকান জলকীয়া, লং, ইলাছি, দালছেনি, তেজ পাত দিব। কাটি লোৱা পিয়াঁজ, আদা, নহৰু যোগ দি দুই মিনিট ভাজিব। এতিয়া বিলাহী যোগ দি মধ্যমীয়া জুইত তিনি মিনিট ভাজি পানী এক কাপ দি লৰাই ঢাকি দিব। দহ মিনি