Posts

Showing posts from March, 2019

Shahi style creamy paneer

Image
Creamy Paneer Shahi Style       আজি মই সহজকৈ বনোৱা শ্বাহী ষ্টাইল পনিৰৰ এটা ৰেছিপি লৈ আনিছোঁ। মোৰ এই প্ৰণালীটো নিশ্চয় আপোনালোকে ভাল পাব। উপকৰণ: পনীৰ 200 গ্ৰাম পিয়াঁজ তিনিটা মধ্যমীয়া (ডাঙৰ টুকুৰা কৰা) বিলাহী দুটা (টুকুৰা কৰি লোৱা) আদা এটুকুৰা নহৰু 10-12ফুটামান ক্ৰীম ডাঙৰ তিনি চামুচ কাজু দহটামান নিমখ হালধি জোখমতে জিৰা ধনীয়া এচামুছকৈ গৰম মছলা আধা চামুচ ঘি এচামুছ প্ৰণালী: প্ৰথমে কুকাৰ গৰম কৰি পিয়াঁজ, বিলাহী, আদা, নহৰু,কাজু দি(তেল দিয়া নাই)অলপমান লৰাই লৈ আধা গিলাচ পানী দি দুটা হুইছেল মাৰিব দিলোঁ। পানী খিনি পাছত ব্যৱহাৰৰ বাবে ৰাখিলোঁ। ঠাণ্ডা হোৱা পাছত পেষ্ট কৰি ললোঁ।              কেৰাহী গৰম কৰি ঘি দিলোঁ, হালধি (জলকীয়া গুৰি দিব পাৰে) দি পেষ্ট খিনি আৰু জিৰা ধনীয়া গুৰি দি ভালদৰে লৰাই ঢাকোন দিলোঁ। তাৰ পাছত পানীখিনি দি নিমখ দিলোঁ। উতল অহাত গেছ কম কৰি ক্ৰীম দি ভালদৰে লৰাই পনিৰখিনি দিলোঁ।কম জুইত অলপ ৰাখি গৰম মছলা দি লৰাই নমাই থলোঁ।              

Noodle soup

Image
Noodle soup নুদল চুপ উপকৰণ: মেগী এপেকেট নৰ (knorr) ভেজ চুপ এপেকেট (১০টকীয়া লৈছোঁ) বন্ধাকবি কুটি লোৱা সৰুকৈ এমুঠি বিন তিনি চাৰি ডালমান মিহিকৈ কুটি লোৱা মটৰ এচামুছ পিয়াঁজ এটা কুটি লোৱা আদা সৰু এটুকুৰা কুটি লোৱা পিয়াঁজপাত কুটি লোৱা এচামুছ জালুক কেইটামান জলকীয়া এটা নিমখ জোখমতে পানী ডেৰ কাপ প্ৰণালী:     একাপ পানী গৰম কৰি মেগীখিনি তিয়াই থলোঁ। এতিয়া কেৰাহীত ডেৰকাপ পানী দি উতলিলত বন্ধাকবি, বিন,মটৰ, পিয়াঁজ,নিমখ দি দিলোঁ। সিজিলত আদা,জলকীয়া, জালুকৰ গুৰি আৰু তিয়াই থোৱা মেগীখিনি টুকি দি দিলোঁ। তাৰ পাছত Knorr veg soup পাউদাৰ খিনিত আধাকাপ পানী গুলি দি দিলোঁ।ডাঠ হৈ অহাত পিয়াঁজপাত খিনি দি লৰাই গৰমে গৰমে পৰিবেশন কৰিলোঁ।

Boil fish in Assamese style

Image
মাছৰ সিদ্ধ/ বইল মাছ মাছ ফ্ৰাই নকৰাকৈ বনোৱা মাছৰ সিদ্ধ আঞ্জাখন বৰ সোৱাদভৰা হয়। ফ্ৰাই কৰিলে মাছৰ গুণ নষ্ট হোৱা বুলি কয়। আমাৰ আইতাহঁতে আগতে উতলি থকা বনশাকৰ জোলকণত কেঁচা মাছ দি ভালদৰে উতলি জোল বনোৱা দেখি আহিছোঁ। তাৰ সোৱাদ সঁচাই অপূৰ্ব। #দুজনৰ_বাবে উপকৰণ: মাছ দুপিছ বিলাহী সৰু তিনিটা আলু দুটা আদা এটুকুৰা নহৰু চাৰি পাঁচ ফুটামান জলকীয়া তিনিটা নিমখ জোখমতে পানী ডেৰ গিলাচ ধনীয়া পাত কুটি লোৱা দুই চামুচ প্ৰণালী: ১/মাছ দুপিছ ধুই ললোঁ। আলু দীঘলকৈ চাৰি টুকুৰা কৰি ললোঁ। বিলাহী মিহিকৈ কুটি ললোঁ। আদা নহৰু পিহি ললোঁ। ২/কেৰাহীত পানীখিনি দি উতল আহিবলৈ দিলোঁ। তাতে মাছ আৰু আলু দি তিনিমিনিটমানৰ বাবে ঢাকোন দিলোঁ। ৩/এতিয়া তাত নিমখ, গোটা জলকীয়া, আদা নহৰু পিহা, দি লৰাই পুনৰ মধ্যমীয়া জুইত ঢাকোন দিলোঁ। দুই মিনিটপাছত বিলাহী খিনি যোগ দি পুনৰ ঢাকোন দিলোঁ। ৪/ সকলোবোৰ সিজাত ধনীয়া যোগ দিলোঁ। তাৰ পাছত গোটা জলকীয়া কেইটা আৰু আলু দুটুকৰা হেতাৰে ভাঙি দি দুইমিনিটমান ৰাখি নমাই ভাতৰ লগত পৰিৱেশন কৰিলোঁ।                              ✍ Sampurna Kakoti
Image
ওট্ছ আৰু চুজিৰ পিঠা আমাৰ খাদ্য তালিকাত সন্নিবিষ্ট এবিধ উপকৰণ হল ওট্ছ। ই বৰ স্বাস্থ্যকৰ। কিন্তু সদায় একেধৰণে খাই ভাল নালাগে। লগতে আমি সদায় বিস্কুট খাবলৈও নিবিচাৰোঁ। লগতে লৰা ছোৱালীক শাক খুৱাবলৈ বৰ টান। সেয়ে  স্বাস্থ্যকৰ প্ৰণালী এটা আগবঢ়ালোঁ। আপোনালোকে নিশ্চয় ভাল পাব। #oats_rava_steamed_pitha_with_palak #ওট্ছ_আৰু_চুজিৰ_ভাপতদিয়া_পিঠা উপকৰণ ওট্ছ আধা কাপ চুজি একাপ পালেং শাকৰ পেষ্ট ৩/৪কাপ নিমখ সোৱাদ অনুসাৰে বেকিং পাউদাৰ আধা চামুচ ৰিফাইন তেল অকণমান পানী প্ৰণালী:              পালেং শাক খিনি ভালকৈ ধুই তিনিমিনিটমান সিজাই লৈ পেষ্ট বনাই লব। ওট্ছ আধা কাপ শুকান কেৰাহী এখনত ভালকৈ ভাজি লৈ গুৰি কৰি লব। সেইখিনি এটা বাটিত উলিয়াই তাৰ লগতে চুজি, পালেংৰ পেষ্ট, নিমখ আৰু জোখমতে পানী দি ঘোল বনাই অলপ সময় ঢাকি ৰাখিব।               সৰু সৰু বাতি লৈ তাত ৰিফাইন তেল সানি লব। এতিয়া ঘোল খিনিত আধা চামুচ বেকিং মিহলাই লৈ বাটিত এহেতাকৈ ঘোল দিব।               আনফালে কেৰাহীত পানী এগিলাচ গৰম কৰি ষ্টেণ্ড এডাল দি বাতি কেইটা বহুৱাই ঢাকোন দিব। দহ মিনিটৰ বাবে মধ্যমীয়া জুইত সিজিব দিব। শলা এডালেৰে খুচি চাব প্

মাটিকাদুৰিৰ ভাজি - আখলঘৰ

Image
মাটিকাদুৰী     প্ৰকৃতিয়ে দান কৰা বনৌষধিৰ মাজৰে এবিধ অমূল্য বনৌষধি হল মাটিকাদুৰি (sessile joyweed)। ইয়াৰ বৈজ্ঞানিক নাম হল Alternanthera sessilis.    এইবিধ বনৌষধি অৰ্থাৎ মাটিকাদুৰি শাকত প্ৰচুৰ পৰিমাণে প্ৰটিন, কেলচিয়াম, আইৰণ, আঁহ, এন্টি অক্সিডেন্ট আদি পোৱা যায়। ই কোষ্ঠকাঠিন্য, মধুমেহ আদি ৰোগৰ সুপথ্য। #মাটিকাদুৰি_আৰু_সৰু_আলু_ভাঁজি উপকৰণ: মাটিকাদুৰি শাক এমুঠি মিহিকৈ কুটি লোৱা গুটি আলু কেইটামান দুফালকৈ লোৱা নহৰু দুফুটা নিমখ হালধি জোখমতে তেল দুই চামুচ হিং এচিকুট (ঐশ্বিক) প্ৰণালী:              কেৰাহীত তেল গৰম কৰি নহৰু কুটি দি শাক খিনি আৰু আলুখিনি দি জোখমতে নিমখ হালধি দি লৰাই ঢাকোন দিব। মাজে মাজে লৰাই দিব আৰু মাজতে অকণমান পানী ছটিয়াই ঢাকোন দিব। শাক খিনি সিজাত এচিকুট হিং দি লৰাই ঢাকি নমাই ভাতৰ লগত পৰিৱেশন কৰিব।