ওট্ছ আৰু চুজিৰ পিঠা
আমাৰ খাদ্য তালিকাত সন্নিবিষ্ট এবিধ উপকৰণ হল ওট্ছ। ই বৰ স্বাস্থ্যকৰ। কিন্তু সদায় একেধৰণে খাই ভাল নালাগে। লগতে আমি সদায় বিস্কুট খাবলৈও নিবিচাৰোঁ। লগতে লৰা ছোৱালীক শাক খুৱাবলৈ বৰ টান। সেয়ে  স্বাস্থ্যকৰ প্ৰণালী এটা আগবঢ়ালোঁ। আপোনালোকে নিশ্চয় ভাল পাব।

#oats_rava_steamed_pitha_with_palak



#ওট্ছ_আৰু_চুজিৰ_ভাপতদিয়া_পিঠা

উপকৰণ
ওট্ছ আধা কাপ
চুজি একাপ
পালেং শাকৰ পেষ্ট ৩/৪কাপ
নিমখ সোৱাদ অনুসাৰে
বেকিং পাউদাৰ আধা চামুচ
ৰিফাইন তেল অকণমান
পানী

প্ৰণালী:
             পালেং শাক খিনি ভালকৈ ধুই তিনিমিনিটমান সিজাই লৈ পেষ্ট বনাই লব। ওট্ছ আধা কাপ শুকান কেৰাহী এখনত ভালকৈ ভাজি লৈ গুৰি কৰি লব। সেইখিনি এটা বাটিত উলিয়াই তাৰ লগতে চুজি, পালেংৰ পেষ্ট, নিমখ আৰু জোখমতে পানী দি ঘোল বনাই অলপ সময় ঢাকি ৰাখিব।
              সৰু সৰু বাতি লৈ তাত ৰিফাইন তেল সানি লব। এতিয়া ঘোল খিনিত আধা চামুচ বেকিং মিহলাই লৈ বাটিত এহেতাকৈ ঘোল দিব।
              আনফালে কেৰাহীত পানী এগিলাচ গৰম কৰি ষ্টেণ্ড এডাল দি বাতি কেইটা বহুৱাই ঢাকোন দিব। দহ মিনিটৰ বাবে মধ্যমীয়া জুইত সিজিব দিব। শলা এডালেৰে খুচি চাব প্ৰয়োজন হলে পুনৰ পাঁচ মিনিটৰ বাবে ৰাখিব। ৰেডী হৈ গল মোৰ অতি সহজ পিঠা। একাপ চাহৰ লগত জুতি লৈ চাবচোন বৰ ভাল লাগে।

Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce