Posts

Showing posts from July, 2019

Jackfruit seeds curry

Image
কঁঠালগুটি আৰু আলুৰ দম উপকৰণ: কঁঠালগুটি পোন্ধৰ-বিশ টা মান আলু দুটা পিয়াঁজ মধ্যমীয়া দুটা বিলাহী এটা আদা নহৰু পেষ্ট একচামুছ জলকীয়া দুটা নিমখ হালধি জোখমতে জিৰা ধনীয়া গুৰি এচামুছ বেচন এক চামুচ( শুকান কেৰাহীত ভাজি লব)          প্ৰথমে কঁঠালগুটি আৰু আৰু আলু সিজাই ল'ব। কেৰাহীত তেল গৰম কৰি কুটি লোৱা পিয়াঁজ দি ভাজি তাৰ পাছত আদা নহৰু আৰু বিলাহী দি ভাজিব। নিমখ হালধি দি লৰাই ঢাকি দিব। বিলাহী গলিব ধৰাত সিজাই থোৱা কঁঠালগুটি আৰু আলু খিনি দি লৰাই দিব। জিৰা ধনীয়া গুৰি দি ভালদৰে লৰাই আধা কাপ পানী দিব। ভালদৰে উটলাৰ পাছত এচামুছ বেচন 1/3 কাপ পানীত গুলি দি দিব। লাহে লাহে ডাঠ হৈ অহাত নমাই থব। গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক।

Veg momo

Image
ভেজ মম'          একেবাৰে সাধাৰণকৈ বনাইছোঁ। সৰু লৰা ছোৱালীয়ে খাব পৰাকৈ। এনেকৈ এবাৰ বনাই চাবচোন। খুব ভাল লাগে।  উপকৰণ: ম'ম'ৰ বাবে ময়দা একাপ পিয়াঁজ দুটা গাজৰ দুটা নিমখ সোৱাদ অনুসৰি আদা এটুকুৰা চাট মচলা আধা চামুচ (ঐশ্বিক) চয়া চচ এচামুছ ৰিফাইন তেল পানী প্ৰণালী:             ময়দা খিনিত নিমখ আৰু তেল দি সানি লব। এতিয়া পিয়াঁজ আৰু আদা মিহিকৈ কুটি লব। গাজৰ পিহনাত পিহি লব। তাৰ পাছত গাজৰ, আদা, পিয়াঁজখিনিৰ লগত নিমখ, চাট মছলা, চয়া চচ দি সানি ৰাখিব।             তাৰ পাছত মথি ৰখা ময়দাৰ সৰু সৰু লাড়ু বনাই বেলি লব। তাত পুৰখিনি এচামুচকৈ দি মেৰিয়াই ম'ম'ৰ  আকৃতি দিব। ফুটা থকা এটা পাত্ৰত তেল সানি ম'ম' খিনি দি 12মিনিটৰ পৰা 15 মিনিট ষ্টীম কৰিব। ষ্টীম কৰা পানীখিনিত অকণমান তেল দি দিব তেতিয়া ম'ম' কেইটা পানীৰ ভাপতো বেয়া নহয়।             জ্বলা দিয়া নাই সৰু লৰা ছোৱালীয়ে খাব বাবে, নিজৰ জোখত জালুকৰ গুৰি ব্যৱহাৰ কৰিব। চাটনিৰ বাবে: বিলাহী দুটা পিয়াঁজ এটা শুকান জলকীয়া পাঁচটা কেঁচা জলকীয়া তিনিটা নহৰু পাঁচ ফুটা নিমখ জোখমতে চেনী আধা চামুচ প্ৰণালী