Veg momo
ভেজ মম'
একেবাৰে সাধাৰণকৈ বনাইছোঁ। সৰু লৰা ছোৱালীয়ে খাব পৰাকৈ। এনেকৈ এবাৰ বনাই চাবচোন। খুব ভাল লাগে।
উপকৰণ:
ম'ম'ৰ বাবে
ময়দা একাপ
পিয়াঁজ দুটা
গাজৰ দুটা
নিমখ সোৱাদ অনুসৰি
আদা এটুকুৰা
চাট মচলা আধা চামুচ (ঐশ্বিক)
চয়া চচ এচামুছ
ৰিফাইন তেল
পানী
ম'ম'ৰ বাবে
ময়দা একাপ
পিয়াঁজ দুটা
গাজৰ দুটা
নিমখ সোৱাদ অনুসৰি
আদা এটুকুৰা
চাট মচলা আধা চামুচ (ঐশ্বিক)
চয়া চচ এচামুছ
ৰিফাইন তেল
পানী
প্ৰণালী:
ময়দা খিনিত নিমখ আৰু তেল দি সানি লব। এতিয়া পিয়াঁজ আৰু আদা মিহিকৈ কুটি লব। গাজৰ পিহনাত পিহি লব। তাৰ পাছত গাজৰ, আদা, পিয়াঁজখিনিৰ লগত নিমখ, চাট মছলা, চয়া চচ দি সানি ৰাখিব।
ময়দা খিনিত নিমখ আৰু তেল দি সানি লব। এতিয়া পিয়াঁজ আৰু আদা মিহিকৈ কুটি লব। গাজৰ পিহনাত পিহি লব। তাৰ পাছত গাজৰ, আদা, পিয়াঁজখিনিৰ লগত নিমখ, চাট মছলা, চয়া চচ দি সানি ৰাখিব।
তাৰ পাছত মথি ৰখা ময়দাৰ সৰু সৰু লাড়ু বনাই বেলি লব। তাত পুৰখিনি এচামুচকৈ দি মেৰিয়াই ম'ম'ৰ আকৃতি দিব। ফুটা থকা এটা পাত্ৰত তেল সানি ম'ম' খিনি দি 12মিনিটৰ পৰা 15 মিনিট ষ্টীম কৰিব। ষ্টীম কৰা পানীখিনিত অকণমান তেল দি দিব তেতিয়া ম'ম' কেইটা পানীৰ ভাপতো বেয়া নহয়।
জ্বলা দিয়া নাই সৰু লৰা ছোৱালীয়ে খাব বাবে, নিজৰ জোখত জালুকৰ গুৰি ব্যৱহাৰ কৰিব।
চাটনিৰ বাবে:
বিলাহী দুটা
পিয়াঁজ এটা
শুকান জলকীয়া পাঁচটা
কেঁচা জলকীয়া তিনিটা
নহৰু পাঁচ ফুটা
নিমখ জোখমতে
চেনী আধা চামুচ
প্ৰণালী: বিলাহী, পিয়াঁজ, শুকান জলকীয়া, নহৰু সিজাই লব। এতিয়া বিলাহীৰ বাকলি গুচাই লব লগতে সকলো উপকৰণ আৰু এফুটা কেঁচা নহৰু লৈ পিচি লব। বচ, হৈ গল চাটনি।

Comments