পইঁতা ভাত Poita bhat


নিৰামিষ

পইঁতা ভাত/ পন্তা ভাত



অসমৰ সকলোৰে প্ৰিয় খাদ্য পন্তা ভাত। বেয়া পোৱা খুব কমেইহে ওলাব চাগে। 


১/ পানী দিয়া ভাতৰ সৈতে নিমখ, তেল আৰু পিয়াঁজ
২/আলু পিটিকা
৩/বাদামৰ চাটনি
৪/পিয়াঁজ, জলকীয়া আৰু পানীটেঙা
৫/পটল, ভেন্দি ভাজি
৬/আচাৰ

প্ৰণালী:

*ৰাতিয়েই ভাতত পানী দি ৰাখিব। পৰিৱেশনত নিমখ, তেল আৰু পিয়াঁজ ব্যৱহাৰ কৰিব পাৰে।

*সিদ্ধ আলুৰ লগত নিমখ, তেল, পিয়াঁজ আৰু জলকীয়া দি পিটিকা কৰিব।

*বাদাম ভাজি লৈ বাকলি গুচাই আদা, নহৰু, জলকীয়া, নিমখ আৰু পানী দি মিক্সি ত পিচি লব।

*কেৰাহীত তেল গৰম কৰি গোটা জীৰা, শুকান জলকীয়া আৰু পিয়াঁজ দি ভাজি কাটি লোৱা পটল আৰু ভেন্দী, নিমখ, হালধি দি অলপ সময় ভাঁজি বিলাহী এটা কাটি দিব। বিলাহী সিজাত অকণমান গৰম মচলা দি লৰাই ঢাকি দি দুই মিনিট পাছত নমাই পৰিৱেশন কৰক।


Comments

Popular posts from this blog

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce