Posts

Showing posts from February, 2020

কচু শাকৰ আঞ্জা

Image
কচু আৰু মধুসুলেং দি মাছৰ মাথা দিয়া জালুকীয়া আমাৰ চাৰিওফালে সহজলভ্য হৈ থকা কচু শাকৰ যথেষ্ট গুণাগুণ আছে। কচুত প্ৰচুৰ পৰিমাণে ভিটামিন এ, বি6,‌‌‌‌‌আইৰণ, ফলেট, কেলচিয়াম, পটাছিয়াম, খনিজ লৱণ, আঁহ থাকে। ফলত আমাৰ চকুৰ দৃষ্টিশক্তি বঢ়াত, হাড়‌ মজবুত হোৱাত, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ, হিমগ্লবিনৰ পৰিমাণ বঢ়াই তোলে, ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। বিশেষকৈ প্ৰসূতি মাতৃক সন্তান জন্মৰ তিনি দিন বা পাঁচ দিনত কচু শাকৰ জালুকীয়া আঞ্জা খাবলৈ দিয়া হয়। যাতে শৰীৰত হিমগ্লবিনৰ পৰিমাণ অটুট থাকে।  বিশেষকৈ কচু শাক হওঁক বা অন্য থলুৱা অসমীয়া খাদ্য প্ৰণালীত বৰ বেছি মা মচলাৰ প্ৰয়োজন নাই। শাক পাতৰ নিজস্ব  বৈশিষ্ট্য আছে, গোন্ধ, সোৱাদ, ঔষধিগুনকে ধৰি অনেক গুণ আছে।  এতিয়া আহক আখলঘৰত ৰন্ধা কচু শাকৰ জুতি লওঁ। উপকৰণ: কচু শাক এমুঠি মধু সোলেঙ শাক এমুঠি বাহু মাছৰ মাথা বা কাঁইট এটা আদা নহৰু বটা আধা  চামুচ নি মখ এক  চামুচ হালধি আধা চামুচ জালুকৰ গুৰি দুই চামুচ গোটা জীৰা আধাচামুচ তেল প্ৰয়োজন অনুসৰি পানী এক কাপ প্ৰণালী:            প্ৰথমে কচু শাক আৰু মধু সোল

Kalonji and Coriander chutney

Image
তেনেই সহজ আৰু স্বাস্থ্যকৰ চাটনি এবিধ আগবঢ়ালোঁ। #কালজিৰা_আৰু_ধনীয়াৰ_চাটনি কালজিৰা বা কলাজিৰাৰ উপকাৰিতা সকলোৱে জানেই। সাধাৰণতে অকল কালজীৰা চাটনি খোৱা হয়। আজি মই ধনীয়াও যোগ দি বনালো। উপকৰণ: কাল জীৰা এমুঠি ধনীয়া এমুঠি নহৰু তিনি ফুটা জালুক 8-10 টা জলকীয়া দুটা নিমখ আধা চামুচ মিঠাতেল আধা চামুচ পানী প্ৰয়োজন অনুসৰি প্ৰণালী:             কাল জীৰা, জালুক আৰু নহৰু শুকানে অলপ ভাজি লব। এতিয়া সকলোখিনি উপকৰণ একেলগে পিছি লৈ ভাতৰ লগত পৰিবেশন কৰিব।                             ✍️সম্পূৰ্ণা কাকতি
Image
ভাপত দিয়া পিঠা আমি সদায় গুৰ বা চেনী আৰু নাৰিকল দি ভাপত দিয়া পিঠা খাই থাকোঁ। আজি মই অলপ বেলেগকৈ বনাবলৈ চেষ্টা কৰিলোঁ। খাই কিন্তু খুব ভাল লাগিল। এবাৰ বনাই চাবচোন। উপকৰণ: পিঠাগুৰি একাপ পাচলি মন পচন্দত লব; মই বন্ধাকবি, ফুলকবি, উলকবি (পিহি লোৱা), ধুনীয়া, আদা, জলকীয়া মিহিকৈ কুটি লৈছোঁ নিমখ সোৱাদ অনুসৰি ঘিঁ #পৰিৱেশনৰ বাবে আমলখি আৰু ধনীয়াৰ চাটনি লৈছোঁ। প্ৰণালী:            পিঠাগুৰি খিনিৰ লগত নিমখ আৰু অকণমান ঘিউ সানি লব। এতিয়া পাচলি খিনি লৈ সানি লব। অলপ অলপ পানী লৈ মুঠিয়াব পৰাকৈ সানিব চাব যাতে জৰজৰীয়াই হৈ থাকে। এতিয়া গিলাচত ঘিঁউ সানি (গিলাচ টো হুইছেলৰ জোখত ফুটাই লব) পিঠাখিনি দিব। কুকাৰত পানী অলপ গৰম হব দি হুইচেল খুলি ঢাকোণ লগাই দিব। পানী উতলিলে গিলাচ বহুৱাই ডেৰ- দুই মিনিট সময় সিজিব দিব। গিলাচটো বাতি এটাৰে ঢাকি দিব যাতে পাচলি খিনি সিজে। নমাই গৰমে গৰমে চাতনিৰ সৈতে পৰিৱেশন কৰক।