ভাপত দিয়া পিঠা
আমি সদায় গুৰ বা চেনী আৰু নাৰিকল দি ভাপত দিয়া পিঠা খাই থাকোঁ। আজি মই অলপ বেলেগকৈ বনাবলৈ চেষ্টা কৰিলোঁ। খাই কিন্তু খুব ভাল লাগিল। এবাৰ বনাই চাবচোন।
উপকৰণ:
পিঠাগুৰি একাপ
পাচলি মন পচন্দত লব; মই বন্ধাকবি, ফুলকবি, উলকবি (পিহি লোৱা), ধুনীয়া, আদা, জলকীয়া মিহিকৈ কুটি লৈছোঁ
নিমখ সোৱাদ অনুসৰি
ঘিঁ
#পৰিৱেশনৰ বাবে আমলখি আৰু ধনীয়াৰ চাটনি লৈছোঁ।
প্ৰণালী:
পিঠাগুৰি খিনিৰ লগত নিমখ আৰু অকণমান ঘিউ সানি লব। এতিয়া পাচলি খিনি লৈ সানি লব। অলপ অলপ পানী লৈ মুঠিয়াব পৰাকৈ সানিব চাব যাতে জৰজৰীয়াই হৈ থাকে। এতিয়া গিলাচত ঘিঁউ সানি (গিলাচ টো হুইছেলৰ জোখত ফুটাই লব) পিঠাখিনি দিব। কুকাৰত পানী অলপ গৰম হব দি হুইচেল খুলি ঢাকোণ লগাই দিব। পানী উতলিলে গিলাচ বহুৱাই ডেৰ- দুই মিনিট সময় সিজিব দিব। গিলাচটো বাতি এটাৰে ঢাকি দিব যাতে পাচলি খিনি সিজে। নমাই গৰমে গৰমে চাতনিৰ সৈতে পৰিৱেশন কৰক।

Comments