Posts

Showing posts from July, 2020

পইঁতা ভাত Poita bhat

Image
নিৰামিষ পইঁতা ভাত/ পন্তা ভাত অসমৰ সকলোৰে প্ৰিয় খাদ্য পন্তা ভাত। বেয়া পোৱা খুব কমেইহে ওলাব চাগে।  ১/ পানী দিয়া ভাতৰ সৈতে নিমখ, তেল আৰু পিয়াঁজ ২/আলু পিটিকা ৩/বাদামৰ চাটনি ৪/পিয়াঁজ, জলকীয়া আৰু পানীটেঙা ৫/পটল, ভেন্দি ভাজি ৬/আচাৰ প্ৰণালী: *ৰাতিয়েই ভাতত পানী দি ৰাখিব। পৰিৱেশনত নিমখ, তেল আৰু পিয়াঁজ ব্যৱহাৰ কৰিব পাৰে। *সিদ্ধ আলুৰ লগত নিমখ, তেল, পিয়াঁজ আৰু জলকীয়া দি পিটিকা কৰিব। *বাদাম ভাজি লৈ বাকলি গুচাই আদা, নহৰু, জলকীয়া, নিমখ আৰু পানী দি মিক্সি ত পিচি লব। *কেৰাহীত তেল গৰম কৰি গোটা জীৰা, শুকান জলকীয়া আৰু পিয়াঁজ দি ভাজি কাটি লোৱা পটল আৰু ভেন্দী, নিমখ, হালধি দি অলপ সময় ভাঁজি বিলাহী এটা কাটি দিব। বিলাহী সিজাত অকণমান গৰম মচলা দি লৰাই ঢাকি দি দুই মিনিট পাছত নমাই পৰিৱেশন কৰক।

Sprouted moong raita আখলঘৰ

Image
গজালি ওলোৱা মগু-বুটৰ ৰাইটা ভাৰতীয় খাদ্য সমূহৰ সৈতে কাঁহীৰ দাঁতিত ৰাইটাৰ পৰিৱেশন কৰা হয়। নান, ৰুটি, পোলাও, বিৰীয়ানি, কাবাব, ফ্ৰাইড ৰাইচ আদিৰ লগত পৰিৱেশন কৰা হয়।  ইয়াক বিভিন্ন ধৰণে পৰিৱেশন কৰিব পাৰি। তাৰ ভিতৰত তিঁয়হৰ ৰাইটা, ভেণ্ডিৰ ৰাইটা, মিহলি পাছলিৰ ৰাইটা, বিলাহী ৰাইটা, কলৰ ৰাইটা, বিভিন্ন ফল মূলৰ ৰাইটা, গজালি ওলোৱা মগু মাহৰ ৰাইটা ইত্যাদি। উপকৰণ: দৈ : এক কাপ গজালি ওলোৱা বুট মগু: ১/৩ কাপ বিলাহী : এফাল তিঁয়হ : এটুকুৰা পিয়াঁজ: সৰু এটা ভজা বাদাম : এক চামুচ জলকীয়া: এটা নিমখ: আধা চামুচ চেনী: ১/৪ চামুচ (ঐশ্বিক) জলকীয়া গুৰি এছিকুত ভজা জীৰা গুৰি এচিকুত প্ৰণালী: *এটা পাত্ৰত দৈ খিনি ফেটী লব। * তিঁয়হ, বিলাহী, পিয়াঁজ, জলকীয়া কুটি লব। *এতিয়া দৈৰ লগত কুটি লোৱা উপকৰণৰ সৈতে গজালি ওলোৱা বুট আৰু মগু, ভজা বাদাম, নিমখ, চেনী দি এখন চামুচৰ সহায়ত মিহলাই লব।  *এতিয়া নিজৰ পছন্দৰ পাত্ৰত ঢালি লৈ জলকীয়া গুৰি আৰু জীৰা গুৰি দি পৰিৱেশন কৰক।

Dahi Fuska

Image
দহি  ফুচকা প্ৰায় লোকৰ ফুচকা বা পানী পুৰি, দহি ফুচকা বা অন্য চাট, চট্পটা খাই ভাল লাগে নহয় জানো। ঘৰতে জুতি লওঁ আহক। ইয়াৰ বাবে আপোনালোকক তলত উল্লেখ কৰা উপকৰণ কেইটা লাগিব। পাপৰৰ বাবে উপকৰণ চুজি এক কাপ ময়ডা দুই টেবুল চামুচ ৰিফাইন তেল এক চামুচ নিমখ সোৱাদ অনুসৰি বেকিং ছদা ১/৪চামুচ পানী প্ৰয়োজন অনুসৰি ভাজিবলৈ যিকোনো তেল লব প্ৰণালী:  * চুজি, ময়ডা, নিমখ আৰু বেকিং ছদা মিহলাই  লৈ ৰিফাইন দি ভালদৰে হাতেৰে সানি মিহলি কৰি লব।  *এতিয়া অলপ অলপকৈ পানী দি সানি লব।  *তাৰ পাছত আধা ঘণ্টা এখন কাপোৰে ঢাকি ৰাখিব। * মন কৰিব যে দ' টো বেছি টান বা ঢিলা হব নালাগে। টান হলে অকণমান পানী দি সানি লব, ঢিলা হলে চুজি যোগ দি সানিব।             *এতিয়া  ৰুটিৰ দৰে পাতলকৈ বেলি পুৰিৰ জোখত কাটি লব। তাৰ পাছত দীপ ফ্রায় কৰিব, মধ্যমীয়া জুইত, ৰঙচুৱা হোৱাকৈ। এতিয়া আহো  দহি ফুচকাৰ প্ৰণালী লৈ।  উপকৰণ: ফুচকা পাপৰ 12 টা দৈ আধা কাপ সিদ্ধ আলু এটা  পিয়াঁজ এটা কেঁচা জলকীয়া এটা তেতেলী চাটনি আধা চামুচ(ঐশ্বিক) কুটা ধনীয়া দুই চামুচ জলকীয়া গুৰি ১/৪ চামুচ চাত মচলা আধা চামুচ নিমখ সোৱাদ অনুসৰি   প্ৰণালী:  *সিদ্ধ আলুটো, পিয়াঁজ, কেঁচা জ