Sprouted moong raita আখলঘৰ

গজালি ওলোৱা মগু-বুটৰ ৰাইটা


ভাৰতীয় খাদ্য সমূহৰ সৈতে কাঁহীৰ দাঁতিত ৰাইটাৰ পৰিৱেশন কৰা হয়। নান, ৰুটি, পোলাও, বিৰীয়ানি, কাবাব, ফ্ৰাইড ৰাইচ আদিৰ লগত পৰিৱেশন কৰা হয়। 
ইয়াক বিভিন্ন ধৰণে পৰিৱেশন কৰিব পাৰি। তাৰ ভিতৰত তিঁয়হৰ ৰাইটা, ভেণ্ডিৰ ৰাইটা, মিহলি পাছলিৰ ৰাইটা, বিলাহী ৰাইটা, কলৰ ৰাইটা, বিভিন্ন ফল মূলৰ ৰাইটা, গজালি ওলোৱা মগু মাহৰ ৰাইটা ইত্যাদি।


উপকৰণ:
দৈ : এক কাপ
গজালি ওলোৱা বুট মগু: ১/৩ কাপ
বিলাহী : এফাল
তিঁয়হ : এটুকুৰা
পিয়াঁজ: সৰু এটা
ভজা বাদাম : এক চামুচ
জলকীয়া: এটা
নিমখ: আধা চামুচ
চেনী: ১/৪ চামুচ (ঐশ্বিক)
জলকীয়া গুৰি এছিকুত
ভজা জীৰা গুৰি এচিকুত

প্ৰণালী:

*এটা পাত্ৰত দৈ খিনি ফেটী লব।

* তিঁয়হ, বিলাহী, পিয়াঁজ, জলকীয়া কুটি লব।

*এতিয়া দৈৰ লগত কুটি লোৱা উপকৰণৰ সৈতে গজালি ওলোৱা বুট আৰু মগু, ভজা বাদাম, নিমখ, চেনী দি এখন চামুচৰ সহায়ত মিহলাই লব। 



*এতিয়া নিজৰ পছন্দৰ পাত্ৰত ঢালি লৈ জলকীয়া গুৰি আৰু জীৰা গুৰি দি পৰিৱেশন কৰক।








Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce