Posts

Showing posts from June, 2019

Mashed brinjal with fish

Image
বেঙেনাৰে মাছৰ পিটিকা উপকৰণ: ভাঙোন মাছ এটা বেঙেনা এটা নহৰু দুফুটা আদা এটুকুৰা ভূত জলকীয়া এডোখৰ নৰসিংহ পাত কেইখিলা মান পদিনাৰ আগ তিনিটা নিমখ জোখমতে প্ৰণালী:             ফ্ৰাই কৰি ৰখা ভাঙোন মাছটো শলাত খুচি লৈ কম জুইত পুৰিব। বেঙেনাও পুৰি লব। নহৰু দুফুটাও সামান্য পুৰি লব। এতিয়া মাছৰ মাজৰ কাঁইট ডাল গুচাই সকলোবোৰ উপকৰণ একেলগে দি পিচি পেষ্ট বনাই লব। গৰম গৰম ভাতৰ লগত পৰিবেশন কৰক।             এনেদৰে পোৰা গৰৈ মাছৰ লগত খুব ভাল লাগে।লগত ধনীয়া পাত অলপ কুটি বা পিচি দিলে আৰু সোৱাদ হয়। 

Chicken with mustard greens

Image
আমিষ লাইশাকেৰে মাংস ভজা উপকৰণ: ব্ৰইলাৰ মাংস ৩০০গ্ৰাম আলু চাৰিটা ওলকবি এটা লাইশাক সৰু এমুঠি পিয়াঁজ চাৰিটা আদা নহৰু জোখমতে মচলা (গোটা জিৰা, ধনীয়া, পাঁচফুৰণ আধা চামুচকৈ, জালুক এচামুছ, শুকান জলকীয়া দুটা ভাজি গুৰি কৰি লোৱা) তেল জোখমতে নিমখ হালধি  জোখমতে প্ৰণালী:             মাংস ধুই নিমখ হালধি সানি লব। কেৰাহীত তেল গৰম কৰি আলু আৰু ওলকবি ভাজি উঠাই লব। এতিয়া দুটা পিয়াঁজ তেলত ভাজি লৈ মাংসখিনি দি লৰাই আন দুটা পিয়াঁজ, বিলাহী, আদা নহৰুৰ একেলগে পেষ্ট বনাই লৈ মাংসখিনিৰ লগতে দি ভাজিব। ঢাকোন দি পুনৰ মাজে মাজে লৰাই ভাজি আলু আৰু কবি দিলোঁ লগতে মচলাৰ গুড়িখিনি দি লৰাই ঢাকোন দিব। সকলোবোৰ সিজাত লাইশাকখিনি কুটি লৈ দি অলপ ভাজি নমাই থব। গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰিব।                                               ✍সম্পূৰ্ণা কাকতি          

Mustard seeds chutney

Image
নিৰামিষ চাটনি সৰিয়হৰ চাটনি উপকৰণ: সৰিয়হ এক কাপ জলকীয়া ১০-১২ টা তেঁতেলী পেষ্ট এক চামুচ নহৰু ৮ ফুটা চেনী আধা চামুচ নিমখ এক চামুচ হালধি আধা চামুচ মিঠাতেল চাৰি চামুচ প্ৰণালী:             সৰিয়হ তিয়াই পিচি লব। জলকীয়া, নহৰু কুটি লব। কেৰাহী গৰম কৰি মিঠাতেল দি নহৰু দিব। নহৰুৰ কেঁচা ভাৱ গলে সৰিয়হ দিব লগতে জলকীয়া, নিমখ আৰু হালধি দি কম জুইত পাঁচ- ছয় মিনিটমান ভাজিব। তাৰ পাছত চেনী আৰু তেঁতেলীৰ পেষ্ট দি পুনৰ অলপ সময় ভাজি নমাই ৰাখিব। এই চাটনি ভাত, ৰুটি, পৰঠা সকলোৰে লগত পৰিৱেশন কৰিব পাৰে।