Mashed brinjal with fish

বেঙেনাৰে মাছৰ পিটিকা

উপকৰণ:
ভাঙোন মাছ এটা
বেঙেনা এটা
নহৰু দুফুটা
আদা এটুকুৰা
ভূত জলকীয়া এডোখৰ
নৰসিংহ পাত কেইখিলা মান
পদিনাৰ আগ তিনিটা
নিমখ জোখমতে

প্ৰণালী:
            ফ্ৰাই কৰি ৰখা ভাঙোন মাছটো শলাত খুচি লৈ কম জুইত পুৰিব। বেঙেনাও পুৰি লব। নহৰু দুফুটাও সামান্য পুৰি লব। এতিয়া মাছৰ মাজৰ কাঁইট ডাল গুচাই সকলোবোৰ উপকৰণ একেলগে দি পিচি পেষ্ট বনাই লব। গৰম গৰম ভাতৰ লগত পৰিবেশন কৰক।
            এনেদৰে পোৰা গৰৈ মাছৰ লগত খুব ভাল লাগে।লগত ধনীয়া পাত অলপ কুটি বা পিচি দিলে আৰু সোৱাদ হয়। 

Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce