Baby Tomatoes chutney/ sauce
বিলাহীৰ জ্বলা মিঠা টক
এইখিনি সময়ত যঠেষ্ট পৰিমাণে কণবিলাহি পোৱা যায়। বৰ বিলাহীৰ তুলনাত ইয়াৰ উৎপাদন বেছি হয়। কনবিলাহি শলাত পুৰি পিটিকা, দালিত দি, আচাৰ, চালাদ,কচু শাকৰ টেঙা আঞ্জা আদি ৰান্ধি খোৱা হয়েই। মই দুদিনত যথেষ্ট খিনি কনবিলাহী চিঙি আনি থৈছিলো। তাৰে অলপ মান বিলাহিৰে টক বনালোঁ। আহক এনেকৈ এবাৰ জুতি লৈ চাওঁ।
উপকৰণ:
কণ বিলাহী 250 গ্ৰাম (আনুমানিক)
বৰ বিলাহী তিনিটা
জালুক কেইটামান
জলকীয়া 6-7 টা মান
লং তিনিটা
ডাল চেনী এক টুকুৰা
পাঁচ ফূৰণ এক চামুচ
আদা এক টুকুৰা
নহৰু তিনি ফুটা
আজৱাইন আধা চামুচ
ক'লা জীৰা আধা চামুচ
লেমণ জেষ্ট অকণমান
চেনী সাত চামুচ
নিমখ সোৱাদ অনুসৰি
হালধি আধা চামুচ
জলকীয়া গুৰি আধা চামুচ (কাশ্মীৰী)
ভিনেগাৰ দুই চামুচ
তেল এক চামুচ
পানী ১/৩ কাপ
কণ বিলাহী 250 গ্ৰাম (আনুমানিক)
বৰ বিলাহী তিনিটা
জালুক কেইটামান
জলকীয়া 6-7 টা মান
লং তিনিটা
ডাল চেনী এক টুকুৰা
পাঁচ ফূৰণ এক চামুচ
আদা এক টুকুৰা
নহৰু তিনি ফুটা
আজৱাইন আধা চামুচ
ক'লা জীৰা আধা চামুচ
লেমণ জেষ্ট অকণমান
চেনী সাত চামুচ
নিমখ সোৱাদ অনুসৰি
হালধি আধা চামুচ
জলকীয়া গুৰি আধা চামুচ (কাশ্মীৰী)
ভিনেগাৰ দুই চামুচ
তেল এক চামুচ
পানী ১/৩ কাপ
প্ৰণালী:
বিলাহী খিনি ধুই লব। কুকাৰত পানী দি বিলাহী, নিমখ, হালধি, জলকীয়া, জালুক, লং, দালচেনি, আদা, নহৰু, পাঁচ ফুৰণ দি তিনিটা হুইছেল দি সিজাই লব। ঠাণ্ডা হলে গোটেই খিনিৰ লগতে আজৱাইন, ক'লা জীৰা,জলকীয়া গুৰি,চেনী দি মিক্সিত দি পিছি লব।
এতিয়া কেৰাহীত তেল গৰমাই লৈ পেস্ত খিনি দি ভালদৰে লৰাব। নেমু এটাৰ বাকলি (লেমণ জেষ্ট) ৰুকি দি দিব ভালদৰে পাগ আহিলে ভিনেগাৰ দি লৰাই নমাই থব। ঠাণ্ডা হলে কাঁচৰ পাত্ৰত ভৰাই ৰাখিব। এইখিনি ভাত, ৰুটি, পকৰি, নুদল আদিৰ লগতো পৰিবেশন কৰিব পাৰিব।

Comments