Papaya salad, mashed potato and curry banana


     অতি সাধাৰণ আৰু সহজতে বনাব পৰা চালাড, পিটিকা আৰু চাটনি। আটাইকেইবিধ উপাদানেই আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। আহকচোন ইয়াৰ জুতি লওঁ।


অমিতাৰ চালাড
     অমিতা এডোখৰ পিহি লোৱা,কুটা পিয়াঁজ, জলকীয়া, নহৰু আৰু আদা পিহি লোৱা, নিমখ, কেইটোপালমান মিঠাতেল দি ভালদৰে মিহলাই লৈ পৰিবেশন কৰিব।


পূৰাকল আলুৰ পিটিকা
      পূৰাকল এটা আৰু আলু এটা সিজাই নিমখ,তেল,পিয়াঁজ,জলকীয়া দি পিটিকা কৰিব।


মচন্দৰী পূৰাকল বাকলিৰ চাটনি
        মচন্দৰী এমুঠি, পিটিকা কৰিবলৈ লোৱা কলটোৰ বাকলিখিনিৰ চোচ গুচাই লগত নহৰু,জলকীয়া,আদা,নিমখ দি পিচি চাটনি বনাব।


     পূৰাকলৰ বাকলিৰ লগত মচন্দৰী বা অন্য একো নিদিয়াকৈও চাটনি খাবলৈ ভাল। লগত নহৰু,আদা, জলকীয়া দি পিছিলেই হয়।

Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Baby Tomatoes chutney/ sauce