Mustard seeds chutney


নিৰামিষ
চাটনি

সৰিয়হৰ চাটনি

উপকৰণ:
সৰিয়হ এক কাপ
জলকীয়া ১০-১২ টা
তেঁতেলী পেষ্ট এক চামুচ
নহৰু ৮ ফুটা
চেনী আধা চামুচ
নিমখ এক চামুচ
হালধি আধা চামুচ
মিঠাতেল চাৰি চামুচ

প্ৰণালী:
            সৰিয়হ তিয়াই পিচি লব। জলকীয়া, নহৰু কুটি লব। কেৰাহী গৰম কৰি মিঠাতেল দি নহৰু দিব। নহৰুৰ কেঁচা ভাৱ গলে সৰিয়হ দিব লগতে জলকীয়া, নিমখ আৰু হালধি দি কম জুইত পাঁচ- ছয় মিনিটমান ভাজিব। তাৰ পাছত চেনী আৰু তেঁতেলীৰ পেষ্ট দি পুনৰ অলপ সময় ভাজি নমাই ৰাখিব। এই চাটনি ভাত, ৰুটি, পৰঠা সকলোৰে লগত পৰিৱেশন কৰিব পাৰে।


Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce