Chicken with mustard greens
আমিষ
লাইশাকেৰে মাংস ভজা
উপকৰণ:
ব্ৰইলাৰ মাংস ৩০০গ্ৰাম
আলু চাৰিটা
ওলকবি এটা
লাইশাক সৰু এমুঠি
পিয়াঁজ চাৰিটা
আদা নহৰু জোখমতে
মচলা (গোটা জিৰা, ধনীয়া, পাঁচফুৰণ আধা চামুচকৈ, জালুক এচামুছ, শুকান জলকীয়া দুটা ভাজি গুৰি কৰি লোৱা)
তেল জোখমতে
নিমখ হালধি জোখমতে
প্ৰণালী:
মাংস ধুই নিমখ হালধি সানি লব। কেৰাহীত তেল গৰম কৰি আলু আৰু ওলকবি ভাজি উঠাই লব। এতিয়া দুটা পিয়াঁজ তেলত ভাজি লৈ মাংসখিনি দি লৰাই আন দুটা পিয়াঁজ, বিলাহী, আদা নহৰুৰ একেলগে পেষ্ট বনাই লৈ মাংসখিনিৰ লগতে দি ভাজিব। ঢাকোন দি পুনৰ মাজে মাজে লৰাই ভাজি আলু আৰু কবি দিলোঁ লগতে মচলাৰ গুড়িখিনি দি লৰাই ঢাকোন দিব। সকলোবোৰ সিজাত লাইশাকখিনি কুটি লৈ দি অলপ ভাজি নমাই থব। গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰিব।
✍সম্পূৰ্ণা কাকতি

Comments