Dahi Fuska

দহি  ফুচকা


প্ৰায় লোকৰ ফুচকা বা পানী পুৰি, দহি ফুচকা বা অন্য চাট, চট্পটা খাই ভাল লাগে নহয় জানো। ঘৰতে জুতি লওঁ আহক। ইয়াৰ বাবে আপোনালোকক তলত উল্লেখ কৰা উপকৰণ কেইটা লাগিব।

পাপৰৰ বাবে উপকৰণ

চুজি এক কাপ
ময়ডা দুই টেবুল চামুচ
ৰিফাইন তেল এক চামুচ
নিমখ সোৱাদ অনুসৰি
বেকিং ছদা ১/৪চামুচ
পানী প্ৰয়োজন অনুসৰি
ভাজিবলৈ যিকোনো তেল লব

প্ৰণালী: 

* চুজি, ময়ডা, নিমখ আৰু বেকিং ছদা মিহলাই  লৈ ৰিফাইন দি ভালদৰে হাতেৰে সানি মিহলি কৰি লব।

 *এতিয়া অলপ অলপকৈ পানী দি সানি লব।

 *তাৰ পাছত আধা ঘণ্টা এখন কাপোৰে ঢাকি ৰাখিব।

* মন কৰিব যে দ' টো বেছি টান বা ঢিলা হব নালাগে। টান হলে অকণমান পানী দি সানি লব, ঢিলা হলে চুজি যোগ দি সানিব। 
          
*এতিয়া  ৰুটিৰ দৰে পাতলকৈ বেলি পুৰিৰ জোখত কাটি লব। তাৰ পাছত দীপ ফ্রায় কৰিব, মধ্যমীয়া জুইত, ৰঙচুৱা হোৱাকৈ।

এতিয়া আহো  দহি ফুচকাৰ প্ৰণালী লৈ। 


উপকৰণ:
ফুচকা পাপৰ 12 টা
দৈ আধা কাপ
সিদ্ধ আলু এটা 
পিয়াঁজ এটা
কেঁচা জলকীয়া এটা
তেতেলী চাটনি আধা চামুচ(ঐশ্বিক)
কুটা ধনীয়া দুই চামুচ
জলকীয়া গুৰি ১/৪ চামুচ
চাত মচলা আধা চামুচ
নিমখ সোৱাদ অনুসৰি

  প্ৰণালী: 
*সিদ্ধ আলুটো, পিয়াঁজ, কেঁচা জলকীয়া, ধনীয়া, নিমখ, জলকীয়া গুৰি, চাত মচলা দি পিটিকা বনাই ল'ব। 

*দৈ খিনি অলপ ফেটি ল'ব। 
      
*এতিয়া পাপৰত পিটিকা দিব, তাৰ ওপৰত তেতেলিৰ চাটনি আৰু তাৰ ওপৰত দৈ দিব। ওপৰত জলকীয়া গুৰি, চাত মচলা ছটিয়াই আৰু ধনীয়া পাত দি পৰিবেশন কৰিব।

Comments

Popular posts from this blog

Meggie bhel

Sprouted moong raita আখলঘৰ