Kalonji and Coriander chutney



তেনেই সহজ আৰু স্বাস্থ্যকৰ চাটনি এবিধ আগবঢ়ালোঁ।
#কালজিৰা_আৰু_ধনীয়াৰ_চাটনি

কালজিৰা বা কলাজিৰাৰ উপকাৰিতা সকলোৱে জানেই। সাধাৰণতে অকল কালজীৰা চাটনি খোৱা হয়। আজি মই ধনীয়াও যোগ দি বনালো।


উপকৰণ:
কাল জীৰা এমুঠি
ধনীয়া এমুঠি
নহৰু তিনি ফুটা
জালুক 8-10 টা
জলকীয়া দুটা
নিমখ আধা চামুচ
মিঠাতেল আধা চামুচ
পানী প্ৰয়োজন অনুসৰি
প্ৰণালী:
            কাল জীৰা, জালুক আৰু নহৰু শুকানে অলপ ভাজি লব। এতিয়া সকলোখিনি উপকৰণ একেলগে পিছি লৈ ভাতৰ লগত পৰিবেশন কৰিব।
                            ✍️সম্পূৰ্ণা কাকতি

Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce