কচু শাকৰ আঞ্জা



কচু আৰু মধুসুলেং দি মাছৰ মাথা দিয়া জালুকীয়া


আমাৰ চাৰিওফালে সহজলভ্য হৈ থকা কচু শাকৰ যথেষ্ট গুণাগুণ আছে। কচুত প্ৰচুৰ পৰিমাণে ভিটামিন এ, বি6,‌‌‌‌‌আইৰণ, ফলেট, কেলচিয়াম, পটাছিয়াম, খনিজ লৱণ, আঁহ থাকে। ফলত আমাৰ চকুৰ দৃষ্টিশক্তি বঢ়াত, হাড়‌ মজবুত হোৱাত, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ, হিমগ্লবিনৰ পৰিমাণ বঢ়াই তোলে, ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। বিশেষকৈ প্ৰসূতি মাতৃক সন্তান জন্মৰ তিনি দিন বা পাঁচ দিনত কচু শাকৰ জালুকীয়া আঞ্জা খাবলৈ দিয়া হয়। যাতে শৰীৰত হিমগ্লবিনৰ পৰিমাণ অটুট থাকে। 

বিশেষকৈ কচু শাক হওঁক বা অন্য থলুৱা অসমীয়া খাদ্য প্ৰণালীত বৰ বেছি মা মচলাৰ প্ৰয়োজন নাই। শাক পাতৰ নিজস্ব  বৈশিষ্ট্য আছে, গোন্ধ, সোৱাদ, ঔষধিগুনকে ধৰি অনেক গুণ আছে। 
এতিয়া আহক আখলঘৰত ৰন্ধা কচু শাকৰ জুতি লওঁ।

উপকৰণ:
কচু শাক এমুঠি
মধু সোলেঙ শাক এমুঠি
বাহু মাছৰ মাথা বা কাঁইট এটা
আদা নহৰু বটা আধা চামুচ
নিমখ এক চামুচ
হালধি আধাচামুচ
জালুকৰ গুৰি দুই চামুচ
গোটা জীৰা আধাচামুচ
তেল প্ৰয়োজন অনুসৰি
পানী এক কাপ

প্ৰণালী:
           প্ৰথমে কচু শাক আৰু মধু সোলেং শাক খিনি ধুই লব। কুকাৰত শাক আৰু পানী দি তিনিটা চিটি মৰাই সিজাই লব। এতিয়া কেৰাহীত তেল গৰম কৰি নিমখ হালধি সানি মাছৰ মাথা টো ভাজি উঠাই লব। সেই তেলতে গোটা জীৰা দি সিদ্ধ শাক খিনি দি নিমখ হালধি দি ভালদৰে ভাজি আদা নহৰু বটা দি লৰাই ঢাকি দিব। তিনি মিনিট মান ভাঁজি মাছৰ মাথা যোগ দি মাজে মাজে ঢাকি দিব। শেষত মাছৰ মাথা অংশ হেতা ৰে ভাঙি দিব আৰু জালুকৰ গুৰি দি অলপ সময় লৰাই নমাই গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰক। 

Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce