Jackfruit seeds curry

কঁঠালগুটি আৰু আলুৰ দম


উপকৰণ:
কঁঠালগুটি পোন্ধৰ-বিশ টা মান
আলু দুটা
পিয়াঁজ মধ্যমীয়া দুটা
বিলাহী এটা
আদা নহৰু পেষ্ট একচামুছ
জলকীয়া দুটা
নিমখ হালধি জোখমতে
জিৰা ধনীয়া গুৰি এচামুছ
বেচন এক চামুচ( শুকান কেৰাহীত ভাজি লব)
 
       প্ৰথমে কঁঠালগুটি আৰু আৰু আলু সিজাই ল'ব। কেৰাহীত তেল গৰম কৰি কুটি লোৱা পিয়াঁজ দি ভাজি তাৰ পাছত আদা নহৰু আৰু বিলাহী দি ভাজিব। নিমখ হালধি দি লৰাই ঢাকি দিব। বিলাহী গলিব ধৰাত সিজাই থোৱা কঁঠালগুটি আৰু আলু খিনি দি লৰাই দিব। জিৰা ধনীয়া গুৰি দি ভালদৰে লৰাই আধা কাপ পানী দিব। ভালদৰে উটলাৰ পাছত এচামুছ বেচন 1/3 কাপ পানীত গুলি দি দিব। লাহে লাহে ডাঠ হৈ অহাত নমাই থব। গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক।

Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce