Boil fish in Assamese style

মাছৰ সিদ্ধ/ বইল মাছ

মাছ ফ্ৰাই নকৰাকৈ বনোৱা মাছৰ সিদ্ধ আঞ্জাখন বৰ সোৱাদভৰা হয়। ফ্ৰাই কৰিলে মাছৰ গুণ নষ্ট হোৱা বুলি কয়। আমাৰ আইতাহঁতে আগতে উতলি থকা বনশাকৰ জোলকণত কেঁচা মাছ দি ভালদৰে উতলি জোল বনোৱা দেখি আহিছোঁ। তাৰ সোৱাদ সঁচাই অপূৰ্ব।





#দুজনৰ_বাবে

উপকৰণ:
মাছ দুপিছ
বিলাহী সৰু তিনিটা
আলু দুটা
আদা এটুকুৰা
নহৰু চাৰি পাঁচ ফুটামান
জলকীয়া তিনিটা
নিমখ জোখমতে
পানী ডেৰ গিলাচ
ধনীয়া পাত কুটি লোৱা দুই চামুচ

প্ৰণালী:
১/মাছ দুপিছ ধুই ললোঁ। আলু দীঘলকৈ চাৰি টুকুৰা কৰি ললোঁ। বিলাহী মিহিকৈ কুটি ললোঁ। আদা নহৰু পিহি ললোঁ।

২/কেৰাহীত পানীখিনি দি উতল আহিবলৈ দিলোঁ। তাতে মাছ আৰু আলু দি তিনিমিনিটমানৰ বাবে ঢাকোন দিলোঁ।

৩/এতিয়া তাত নিমখ, গোটা জলকীয়া, আদা নহৰু পিহা, দি লৰাই পুনৰ মধ্যমীয়া জুইত ঢাকোন দিলোঁ। দুই মিনিটপাছত বিলাহী খিনি যোগ দি পুনৰ ঢাকোন দিলোঁ।

৪/ সকলোবোৰ সিজাত ধনীয়া যোগ দিলোঁ। তাৰ পাছত গোটা জলকীয়া কেইটা আৰু আলু দুটুকৰা হেতাৰে ভাঙি দি দুইমিনিটমান ৰাখি নমাই ভাতৰ লগত পৰিৱেশন কৰিলোঁ।
                             ✍ Sampurna Kakoti

Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce