Shahi style creamy paneer


Creamy Paneer
Shahi Style


      আজি মই সহজকৈ বনোৱা শ্বাহী ষ্টাইল পনিৰৰ এটা ৰেছিপি লৈ আনিছোঁ। মোৰ এই প্ৰণালীটো নিশ্চয় আপোনালোকে ভাল পাব।

উপকৰণ:
পনীৰ 200 গ্ৰাম
পিয়াঁজ তিনিটা মধ্যমীয়া (ডাঙৰ টুকুৰা কৰা)
বিলাহী দুটা (টুকুৰা কৰি লোৱা)
আদা এটুকুৰা
নহৰু 10-12ফুটামান
ক্ৰীম ডাঙৰ তিনি চামুচ
কাজু দহটামান
নিমখ হালধি জোখমতে
জিৰা ধনীয়া এচামুছকৈ
গৰম মছলা আধা চামুচ
ঘি এচামুছ
প্ৰণালী: প্ৰথমে কুকাৰ গৰম কৰি পিয়াঁজ, বিলাহী, আদা, নহৰু,কাজু দি(তেল দিয়া নাই)অলপমান লৰাই লৈ আধা গিলাচ পানী দি দুটা হুইছেল মাৰিব দিলোঁ। পানী খিনি পাছত ব্যৱহাৰৰ বাবে ৰাখিলোঁ। ঠাণ্ডা হোৱা পাছত পেষ্ট কৰি ললোঁ।
             কেৰাহী গৰম কৰি ঘি দিলোঁ, হালধি (জলকীয়া গুৰি দিব পাৰে) দি পেষ্ট খিনি আৰু জিৰা ধনীয়া গুৰি দি ভালদৰে লৰাই ঢাকোন দিলোঁ। তাৰ পাছত পানীখিনি দি নিমখ দিলোঁ। উতল অহাত গেছ কম কৰি ক্ৰীম দি ভালদৰে লৰাই পনিৰখিনি দিলোঁ।কম জুইত অলপ ৰাখি গৰম মছলা দি লৰাই নমাই থলোঁ।
             

Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce