মাটিকাদুৰিৰ ভাজি - আখলঘৰ

মাটিকাদুৰী

    প্ৰকৃতিয়ে দান কৰা বনৌষধিৰ মাজৰে এবিধ অমূল্য বনৌষধি হল মাটিকাদুৰি (sessile joyweed)। ইয়াৰ বৈজ্ঞানিক নাম হল Alternanthera sessilis.
   এইবিধ বনৌষধি অৰ্থাৎ মাটিকাদুৰি শাকত প্ৰচুৰ পৰিমাণে প্ৰটিন, কেলচিয়াম, আইৰণ, আঁহ, এন্টি অক্সিডেন্ট আদি পোৱা যায়। ই কোষ্ঠকাঠিন্য, মধুমেহ আদি ৰোগৰ সুপথ্য।


#মাটিকাদুৰি_আৰু_সৰু_আলু_ভাঁজি

উপকৰণ:
মাটিকাদুৰি শাক এমুঠি মিহিকৈ কুটি লোৱা
গুটি আলু কেইটামান দুফালকৈ লোৱা
নহৰু দুফুটা
নিমখ হালধি জোখমতে
তেল দুই চামুচ
হিং এচিকুট (ঐশ্বিক)

প্ৰণালী:
             কেৰাহীত তেল গৰম কৰি নহৰু কুটি দি শাক খিনি আৰু আলুখিনি দি জোখমতে নিমখ হালধি দি লৰাই ঢাকোন দিব। মাজে মাজে লৰাই দিব আৰু মাজতে অকণমান পানী ছটিয়াই ঢাকোন দিব। শাক খিনি সিজাত এচিকুট হিং দি লৰাই ঢাকি নমাই ভাতৰ লগত পৰিৱেশন কৰিব।

Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce