Noodle soup




Noodle soup



নুদল চুপ

উপকৰণ:
মেগী এপেকেট
নৰ (knorr) ভেজ চুপ এপেকেট (১০টকীয়া লৈছোঁ)
বন্ধাকবি কুটি লোৱা সৰুকৈ এমুঠি
বিন তিনি চাৰি ডালমান মিহিকৈ কুটি লোৱা
মটৰ এচামুছ
পিয়াঁজ এটা কুটি লোৱা
আদা সৰু এটুকুৰা কুটি লোৱা
পিয়াঁজপাত কুটি লোৱা এচামুছ
জালুক কেইটামান
জলকীয়া এটা
নিমখ জোখমতে
পানী ডেৰ কাপ

প্ৰণালী:
    একাপ পানী গৰম কৰি মেগীখিনি তিয়াই থলোঁ। এতিয়া কেৰাহীত ডেৰকাপ পানী দি উতলিলত বন্ধাকবি, বিন,মটৰ, পিয়াঁজ,নিমখ দি দিলোঁ। সিজিলত আদা,জলকীয়া, জালুকৰ গুৰি আৰু তিয়াই থোৱা মেগীখিনি টুকি দি দিলোঁ। তাৰ পাছত Knorr veg soup পাউদাৰ খিনিত আধাকাপ পানী গুলি দি দিলোঁ।ডাঠ হৈ অহাত পিয়াঁজপাত খিনি দি লৰাই গৰমে গৰমে পৰিবেশন কৰিলোঁ।

Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce