পন্তা ভাত/ পইতা ভাত

বহাগৰ বিহুত পইতা ভাত খোৱাৰ পৰম্পৰা আছে। আজি দুপৰীয়া আমিও জুতি ললো। মোৰ পৰিৱেশনত আছিল
১/ পানী দিয়া ভাত নিমখ আৰু মিঠাতেল দিয়া
২/গুটি আলুৰ ভাজি
৩/কেপচিকাম, আলু আৰু বিন ভাজি
৪/আলু আৰু কণী পিটিকা
৫/ বেঙেনা পিটিকা
৬/কণ বিলাহী পোৰা
৭/কণ বিলাহী আচাৰ
৮/পদিনা চাটনি
৯/নেমু
১০/জলকীয়া আৰু নিমখ

কেনেদৰে জুতি ললো:

 *ৰাতিৰ ভাত পুৱাই পানী দি ৰাখিলোঁ।
 *সৰু গুটি আলু মেথি দি ভাজিলোঁ
 *পাঁচ ফোৰন দি কেপসিকাম, আলু আৰু বিন ভাজি
 *আলু আৰু কণী; নিমখ, তেল, জলকীয়া আৰু পিয়াজ পাত দি পিটিকা
 *বেঙেনা জলকীয়া, পিয়াজ পাত, নিমখ, তেল দি পিটিকা
*কণ বিলাহী পুৰি নিমখ জলকীয়া দি পিটিকা

Comments

Popular posts from this blog

Dahi Fuska

Meggie bhel

Sprouted moong raita আখলঘৰ