সৰু মাছৰ চৰচৰি - আখলঘৰ
সৰু মাছৰ চৰচৰি
অসমীয়া থলুৱা আঞ্জা বুলিলে টেঙা আৰু খাৰ বুলিয়েই প্ৰথমে মনলৈ আহে। তাতে মাছ হলে বিভিন্ন টেঙা আঞ্জাই খোৱা হয়। সৰু মাছ পাতত দিয়া জুতি লোৱা হয় যদিও সদায় পাতত দি খাব মন নাযায়, তাতে মচমচিয়া কৈ ভাজি খাইও সদায় ভাল নালাগে। এই মাছৰ টেঙা আঞ্জাখনৰ সোৱাদ লৈ চাওঁ আহকচোন।
দুজনৰ বাবে
উপকৰণ:
সৰু মোৱা মাছ প্ৰায় এমুঠি মান
পিয়াঁজ এটা ডাঙৰ
বিলাহী এটা
নহৰু দুফুটা
জলকীয়া দুটা
নিমখ হালধি জোখমতে
তেল জোখমতে
পানী এক বাতি
নেমু টেঙা এডোখৰ
প্ৰণালী:
মাছকেইটা ধুই লৈ নিমখ হালধি সানি লব।
পিয়াঁজ, বিলাহী কুটি লব।
নহৰু দুফুটা থেতালি লব।
জলকীয়া ফালি লব।
এতিয়া কেৰাহীত অকণমান তেল দি মাছকেইটা ভাজি লৈ উঠাই লব, মচমচিয়া নকৰিব।
সেই তেলতে পিয়াঁজ দি ভাজি নহৰু জলকীয়া দিব, তাৰ পাছত বিলাহী, নিমখ, হালধি দি ভালকৈ ভাজিব।
বিলাহী গলিব ধৰিলে আধা বাতি পানী দিব আৰু বাকী থকা পানীখিনিত নেমু চেপি লৈ দি দিব।
উতল আহিলে মাছ দি কম জুইত ঢাকোন দিব।
পানী শুকুৱাই নিজৰ জোখত ৰাখি নমাই ভাতৰ লগত পৰিৱেশন কৰিব।

Comments