গাপত সিজোৱা চিকেন
যোৱাকালি দেওবৰীয়া সাঁজত মাংস পাল মাৰি বনাইছিলোঁ। আজিকালি মাংস খাবলৈ মনেই নোযোৱা হল, যিহে গৰম। গৰমত বনাবলৈও মন নাযায়, সেয়ে চমু বাট বুলিলোঁ। কিন্তু চমু বাটটো লৈ ৰিক্স লৈ চালোঁ সঁচাকৈ খুব ভাল লাগিল। মানে মাংসখিনি খাই ভাল লাগিল। এনেকৈ যদি খোৱা নাই এবাৰ বনাই চাবচোন। বহুদিনৰ পৰা জিভাই বিচাৰি থকা নতুন জুতিটো কালি ঘপককৈ পাই গলো। এতিয়া আহোঁ ৰেছিপিলৈ:-
উপকৰণ:
কুকুৰা মাংস 400 গ্ৰাম
পিয়াঁজ ডাঙৰ দুটা
নহৰু 10 ফুটা
আদা সৰু এডোখৰ
শুকান জলকীয়া 8-9টা
গোটা জালুক আধা চামুচ
বিলাহী এফাল
দৈ দুই টেবুল চামুচ
পকা জলকীয়া চাৰিটা মান
গোটা জিৰা আধা চামুচ
ধনীয়া গুৰি আধা চামুচ
লং চাৰিটা
ইলাচী তিনিটা
ডালচেনি এটুকুৰা সৰু
তেজপাত দুখিলা
নিমখ হালধি জোখমতে
চেনী এক চামুচ
মিঠাতেল দুই চামুচ
প্ৰণালী:
মাংসখিনি পোৰা আছিল বাবে মই ধোৱা নাই। পুৰি লোৱা মাংস খিনি হাঁহৰ মাংসৰ দৰে গোন্ধ ওলায় আৰু খাবলৈও খুব ভাল হয়। দৈ নিদিলেও হয়, তাৰ সলনি গ্ৰেভি হবলৈ পিয়াঁজ এটা পেষ্ট কৰিও দিব পাৰে।
প্ৰথমে, আদা, নহৰু, শুকান জলকীয়া, বিলাহী, দৈ, জিৰা, ধনীয়া, লং, ইলাচী একেলগে পিচি লব।
দ্বিতীয়তে, এটা পাত্ৰত মাংসখিনি লৈ তাত নিমখ, হালধি, চেনী, মিঠাতেল, পিচি লোৱা মছলা, কাটি লোৱা পিয়াঁজ, ডালচেনি টুকুৰা, গোটা জালুক, জলকীয়া, তেজপাত দি গোটেইখিনি ভালদৰে সানি মেৰিনেট কৰিব আৰু ফ্ৰীজত ৰাখিব। যিমান বেছি দেৰি ফ্ৰীজত থাকে সিমানে টেষ্ট ভাল হয়।
তৃতীয়তে, এতিয়া তলি ডাঠ কেৰাহী এটাত মাংসখিনি দি কম জুইত পাতি ঢাকোন দিব। দহ মিনিটমান পাছত অলপ লৰাই দি পুনৰ ঢাকোন দিব। তেনেদৰে মাজে মাজে অলপ অলপ লৰাই ঢাকোন দি সিজিবলৈ দিব। পানী নিদিব, মাংসৰ পৰা ওলোৱা পানীতেই ধুনীয়াকৈ গ্ৰেভি হৈ যায়। কম জুইত বনাব যাতে লাগি নধৰে। জ্বলাৰ পৰিমাণ চাই জলকীয়া কেইটা ভাঙি দিব। জালুক গুৰি কৰিও দিব পাৰে। সিজিলে নমাই ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰিব।

Comments