Breakfast Recipe

আচাৰ আৰু আলুৰ পুৰিৰ সৈতে ঘুগুনী



উপকৰণ:
পুৰিৰ বাবে
আটা এক কাপ
ময়দা আধা কাপ
আলু দুটা মধ্যমীয়া আকাৰৰ (সিজোৱা)
নিমখ জোখমতে
হালধি এচিকুট
আমৰ আচাৰ এটুকুৰা আৰু আচাৰৰ তেল তিনি চামুচ
আজৱাইন এচিকুট
মান ধনীয়া দুখিলামান
আদা অকণমান ৰুকি লোৱা
পানী
ৰিফাইন তেল ভাজিবৰ জোখত

প্ৰণালী:
             এতিয়া এটা পাত্ৰত সকলোখিনি সামগ্ৰী(পানী, ৰিফাইন বাদ দি) একেলগে লৈ ভালদৰে সানিব। আমৰ আচাৰ টুকুৰা কুটি লৈ দিব । প্ৰয়োজন অনুসাৰে পানী যোগ দি ভালকৈ মথি লব। তাৰ পাছত আটাৰ বলটোত অকণমান ৰিফাইন সানি 15 মিনিটমান ঢাকি থব। পাছত সৰু সৰুকৈ বেলি লৈ ৰিফাইনত ভাজিব।

ঘুগুণীৰ বাবে
মটৰ আধাকাপ
মিক্স ডালি এমুঠি
বিলাহী এটা
পিয়াঁজ দুটা
আদা নহৰু পেষ্ট আধা চামুচ
নিমখ হালধি জোখমতে
গৰম মছলা আধা চামুচ
মিঠাতেল জোখমতে
পাঁচ ফুৰণ কেইটামান

প্ৰণালী:
             তিয়াই থোৱা মটৰ আৰু ডালি খিনি নিমখ হালধি আৰু জোখমতে পানী দি কুকাৰত তিনিটা চিটিত সিজাই লব। এতিয়া কেৰাহীত তেল গৰম কৰি পাঁচ ফুৰণ আৰু পিয়াঁজ দি ভাজি কুটা বিলাহী দি নিমখ অকণমান আৰু আদা নহৰু পেষ্ট  দি ভাজিব। বিলাহী গলিব ধৰাত সিজাই ৰখা মটৰ-ডালি খিনি দিব। তাতে গৰম মছলা দি লৰাই ঢাকোন দিব। ভালদৰে উতল অহাত নমাই পুৰিৰ সৈতে পৰিৱেশন কৰিব।

Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce