ৰঙালাও আগ ভাঁজি
উপকৰণ:
ৰঙালাও আগ কেইটামান
পিয়াঁজ দুটা
সৰিয়হ এচামুছ
নহৰু চাৰিফুটা
জলকীয়া দুটা
তেঁতেলী পেষ্ট এচামুছ(ঐশ্বিক)
নিমখ হালধি জোখমতে
মিঠাতেল দুই চামুচ
ৰঙালাও আগ কেইটামান
পিয়াঁজ দুটা
সৰিয়হ এচামুছ
নহৰু চাৰিফুটা
জলকীয়া দুটা
তেঁতেলী পেষ্ট এচামুছ(ঐশ্বিক)
নিমখ হালধি জোখমতে
মিঠাতেল দুই চামুচ
প্ৰণালী:
ৰঙালাও আগখিনি চোঁচ গুচাই জোখত কাটি লব। পিয়াঁজ, সৰিয়হ, নহৰু দুফুটা, জলকীয়া পেষ্ট কৰি লব।
এতিয়া কেৰাহী গৰম কৰি তেল দি নহৰু দুফুটা থেতালি দি দিব। তাৰ পাছত পেষ্ট খিনি দি নিমখ হালধি দি ভালকৈ ভাজিব। কেঁচা ভাবটো যোৱাৰ পাছত শাকখিনি দি ভালকৈ লৰাব যাতে সকলোখিনি ভালদৰে মিহলি হয় তাৰ পাছত ঢাকোন দিব। এনেদৰে কম জুইত পাঁচ মিনিটমান ভজাৰ পাছত অলপ পানী যোগ দিব লগতে তেঁতেলী পেষ্টখিনিও দিব ভালদৰে লৰাই ঢাকোন দিব। পানী শুকালে নমাই ভাতৰ লগত পৰিৱেশন কৰক।

Comments