Masala Baingan


মছলা বেঙেনা


উপকৰণ:
সৰু বেঙেনা তিনিটা
পিয়াঁজ দুটা
নহৰু পাঁচ ফুটা
আদা এটুকুৰা
জলকীয়া দুটা
বাদমৰ পেষ্ট তিনি টেবুল চামুচ(আমণ্ড আৰু কাজু লৈছোঁ)
নিমখ জোখমতে
হালধি আধা চামুচ
গৰম মছলা আধা চামুচ
পানী আধা কাপ
তেল প্ৰয়োজন অনুসৰি

প্ৰণালী:
            বেঙেনা তিনিটা ঠাৰিৰে সৈতে লৈ গুৰিৰ ফালৰ পৰা আধাকৈ ফালি লব। পিয়াঁজ, নহৰু, আদা, জলকীয়া পেষ্ট কৰি লব। বাদাম খিনি তিয়াই ৰাখি পেষ্ট কৰি লব।
             এতিয়া কেৰাহীত তেল গৰম কৰি বেঙেনা কেইটা অলপ ভাজি উঠাই থব। বেছি সিজাব নালাগে। এতিয়া সেই তেলতে হালধি দি (জলকীয়া গুৰিও দিব পাৰে, ৰং ভাল হয়) পিয়াঁজৰ পেষ্ট দি ভালদৰে কম জুইত ভাজিব। তাৰ পাছত বাদামৰ পেষ্ট খিনি দি পুনৰ তিনিমিনিট মান ভাজি পানী আৰু নিমখ দিব। উতলিবলৈ ধৰিলে বেঙেনা দি ঢাকোন দিব। সিজি থপথপীয়া হলে নমাই কুটা মানধনীয়া দি ৰুটি বা ভাতৰ লগত পৰিৱেশন কৰিব।

Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce