আমলখি আৰু গৰৈ মাছৰ জুতিলগা আঞ্জা
আমলখি, শিলিখাৰে মাছৰ জুতি নিশ্চয় লৈছে। কি অপূৰ্ব সোৱাদ নহয়নে বাৰু! আজি মই বনালোঁ আমলখি আৰু গৰৈ মাছৰ আঞ্জা। গৰৈ মাছ কেইটামান আছিল সেয়ে স্বাস্থ্যকৰ জুতিৰে বনাই মাজে মাজে খাই আছোঁ।
উপকৰণ:
গৰৈ মাছ দুটা
আমলখি তিনিটা ডাঙৰ লৈছোঁ
নহৰু দুফুটা
সামান্য তেল
নিমখ হালধি জোখমতে
পানী এবাতি
প্ৰণালী:
আমলখি তিনিটা খুন্দি গুটি উলিয়াই লব আৰু পানী বাটিত দি দিব লগত হালধি দিব। মাছ দুটা নিমখ হালধি দি ভাজি লব। সেই তেলতে নহৰু খুন্দি দিব ৰঙচুৱা হলে আমলখি তিয়াই ৰখা পানীখিনি দি নিমখ দিব। উতল আহিলে মাছ দি কম জুইত ঢাকোন দি ৰাখিব। পানী শুকুৱাই আধা কৰিব বা নিজা জোখত ৰাখি নমাই ভাতৰ সৈতে পৰিবেশন কৰিব।

Comments