Dry fish salad
শুকান মাছৰ চালাড
কেতিয়াবা বিবিধ ব্যঞ্জন বনাবলৈ এলাহ লাগিলে এনেকৈয়ে চালাড, চাটনি বা শুকানমাছৰ চাটনি, চালাড বা সিদ্ধ বনাও। আজি পিছে মই শুকান মাছৰ (বামলা মাছ) চালাড লৈ আনিছোঁ। একেবাৰে সাধাৰণ, একেবাৰে সহজ আৰু কম সময়ৰ ভিতৰত বনাব পাৰি এই চালাড।
উপকৰণ:
বামলা মাছ দুটা
বিলাহী দুটা
পিয়াঁজ এটা
জলকীয়া তিনি চাৰিটা মান
আদা এটুকুৰা
নিমখ সোৱাদ অনুসৰি
মিঠাতেল আধা চামুচ
নেমু ৰস এচামুছ (ঐশ্বিক)
প্ৰণালী: মাছ দুটা ধুই লব। চাব যাতে কোমল হৈ নাযায়। তাৰ পাছত কম জুইত পুৰিব। পোৰা হলে চাফা কৰি সৰু সৰু টুকুৰাকৈ এৰুৱাই লৈ কাটি লোৱা বিলাহী, পিয়াঁজ, জলকীয়া, আদাৰ সৈতে নিমখ, তেল আৰু নেমুৰসৰ সৈতে ভালদৰে সানি লওঁক। আৰু ভাতৰ লগত জুতি লওক।

Comments