পাপৰ কোমোৰাৰে ভাঙোন  মাছৰ আঞ্জা

     মাছৰ আঞ্জা বনাইছিলোঁ, কিন্তু মাংস জোল খোৱা যেন লাগিছে। পাপৰৰ তৰকাৰী খোৱা হয় যদিও মাছৰ সৈতে খোৱা নাছিলোঁ। খুব ভাল লাগিল। আপোনালোকে ও বনাই চাবচোন।

দুজনৰ বাবে

উপকৰণ:
মাছ দুপিছ
কোমোৰা এডোখৰ
লিজ্জত পাপৰ দুখন
পিয়াঁজ এটা
বিলাহী এটা
আদা নহৰু পেষ্ট এক চামুচ
কেঁচা জলকীয়া এটা
শুকান জলকীয়া দুটা
নিমখ হালধি জোখ মতে
গোটা জীৰা এক চামুচ
তেল
পানী

প্ৰণালী:
            নিমখ হালধি সানি মাছ ফ্ৰাই কৰি লব। সেই তেলতে কোমোৰা আৰু পাপৰ ফ্ৰায় কৰি লব।

             সেই তেলতে গোটা জীৰা দি পিয়াঁজ, কেঁচা আৰু শুকান জলকীয়া দি ভাজিব। এতিয়া আদা নহৰু পেষ্ট, বিলাহী কুটা, নিমখ, হালধি দি ভাজিব। বিলাহী গলিলে ভাজি ৰখা মাছ আৰু কোমোৰা দি ভালকৈ লৰাই পানী দিব। উতলিলে পাপৰ দিব। জোল কণ ডাঠ হৈ আহিলে নমাই ভাতৰ লগত পৰিৱেশন কৰিব।

Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce