Kofta curry recipe

Raw Banana and Potato Kofta Curry


উপকৰণ:
কাচকল দুটা
আলু দুটা
পিয়াঁজ চাৰিটা কুটি লোৱা
আদা এটুকুৰা
 নহৰু
জলকীয়া চাৰিটা
বিলাহী দুটা
বেচন আধাকাপ
নিমখ হালধি জোখমতে
জিৰা ধনীয়া গুৰি আধা চামুচকৈ
গোটা জিৰা আধা চামুচ
তেল

প্ৰণালী:
          কাচকল আৰু আলু সিজাই লৈ দুটা পিয়াঁজ কুটা, আদা অকণমান পিহি লোৱা, দুটা কুটা জলকীয়া, নিমখ, হালধি, বেচন দি পিটিকি ললোঁ। বেচনৰ পৰিমাণ কম বেছিও হব পাৰে। তাৰ পাছত বল বনাই কম জুইত ভাজিলোঁ।
         
          এতিয়া আকৌ কেৰাহীত অকণমান তেল দি গোটা জিৰা,পিয়াঁজ ডাঙৰকৈ টুকুৰা কৰা,গোটা নহৰু,আদা, জলকীয়া, বিলাহী খিনি ভাজিলোঁ। অলপ সিজা যেন হোৱাত নমাই ঠাণ্ডা কৰি পেষ্ট বনালোঁ।
            আকৌ কেৰাহী গৰম কৰি এচামুছ তেল দি পেষ্টখিনি দি নিমখ,হালধি, জিৰা ধনীয়া গুৰি দি ভাজি পানী দিলোঁ। ভালদৰে উতল অহাত বৰ কেইটা দি লৰাই নমাই থলোঁ।

 ফ্ৰাই কৰোঁতে তেলত এচিকুট নিমখ দি ললে তেল কম শুহে।

Comments

Popular posts from this blog

পইঁতা ভাত Poita bhat

Papaya salad, mashed potato and curry banana

Baby Tomatoes chutney/ sauce