গাপত সিজোৱা চিকেন যোৱাকালি দেওবৰীয়া সাঁজত মাংস পাল মাৰি বনাইছিলোঁ। আজিকালি মাংস খাবলৈ মনেই নোযোৱা হল, যিহে গৰম। গৰমত বনাবলৈও মন নাযায়, সেয়ে চমু বাট বুলিলোঁ। কিন্তু চমু বাটটো লৈ ৰিক্স লৈ চালোঁ সঁচাকৈ খুব ভাল লাগিল। মানে মাংসখিনি খাই ভাল লাগিল। এনেকৈ যদি খোৱা নাই এবাৰ বনাই চাবচোন। বহুদিনৰ পৰা জিভাই বিচাৰি থকা নতুন জুতিটো কালি ঘপককৈ পাই গলো। এতিয়া আহোঁ ৰেছিপিলৈ:- উপকৰণ: কুকুৰা মাংস 400 গ্ৰাম পিয়াঁজ ডাঙৰ দুটা নহৰু 10 ফুটা আদা সৰু এডোখৰ শুকান জলকীয়া 8-9টা গোটা জালুক আধা চামুচ বিলাহী এফাল দৈ দুই টেবুল চামুচ পকা জলকীয়া চাৰিটা মান গোটা জিৰা আধা চামুচ ধনীয়া গুৰি আধা চামুচ লং চাৰিটা ইলাচী তিনিটা ডালচেনি এটুকুৰা সৰু তেজপাত দুখিলা নিমখ হালধি জোখমতে চেনী এক চামুচ মিঠাতেল দুই চামুচ প্ৰণালী: মাংসখিনি পোৰা আছিল বাবে মই ধোৱা নাই। পুৰি লোৱা মাংস খিনি হাঁহৰ মাংসৰ দৰে গোন্ধ ওলায় আৰু খাবলৈও খুব ভাল হয়। দৈ নিদিলেও হয়, তাৰ সলনি গ্ৰেভি হবলৈ পিয়াঁজ এটা পেষ্ট কৰিও দিব পাৰে। প্ৰথমে , আদা, নহৰু, শুকান জলকী...