Posts

কচু শাকৰ আঞ্জা

Image
কচু আৰু মধুসুলেং দি মাছৰ মাথা দিয়া জালুকীয়া আমাৰ চাৰিওফালে সহজলভ্য হৈ থকা কচু শাকৰ যথেষ্ট গুণাগুণ আছে। কচুত প্ৰচুৰ পৰিমাণে ভিটামিন এ, বি6,‌‌‌‌‌আইৰণ, ফলেট, কেলচিয়াম, পটাছিয়াম, খনিজ লৱণ, আঁহ থাকে। ফলত আমাৰ চকুৰ দৃষ্টিশক্তি বঢ়াত, হাড়‌ মজবুত হোৱাত, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ, হিমগ্লবিনৰ পৰিমাণ বঢ়াই তোলে, ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। বিশেষকৈ প্ৰসূতি মাতৃক সন্তান জন্মৰ তিনি দিন বা পাঁচ দিনত কচু শাকৰ জালুকীয়া আঞ্জা খাবলৈ দিয়া হয়। যাতে শৰীৰত হিমগ্লবিনৰ পৰিমাণ অটুট থাকে।  বিশেষকৈ কচু শাক হওঁক বা অন্য থলুৱা অসমীয়া খাদ্য প্ৰণালীত বৰ বেছি মা মচলাৰ প্ৰয়োজন নাই। শাক পাতৰ নিজস্ব  বৈশিষ্ট্য আছে, গোন্ধ, সোৱাদ, ঔষধিগুনকে ধৰি অনেক গুণ আছে।  এতিয়া আহক আখলঘৰত ৰন্ধা কচু শাকৰ জুতি লওঁ। উপকৰণ: কচু শাক এমুঠি মধু সোলেঙ শাক এমুঠি বাহু মাছৰ মাথা বা কাঁইট এটা আদা নহৰু বটা আধা  চামুচ নি মখ এক  চামুচ হালধি আধা চামুচ জালুকৰ গুৰি দুই চামুচ গোটা জীৰা আধাচামুচ তেল প্ৰয়োজন অনুসৰি পানী এক কাপ প্ৰণালী:    ...

Kalonji and Coriander chutney

Image
তেনেই সহজ আৰু স্বাস্থ্যকৰ চাটনি এবিধ আগবঢ়ালোঁ। #কালজিৰা_আৰু_ধনীয়াৰ_চাটনি কালজিৰা বা কলাজিৰাৰ উপকাৰিতা সকলোৱে জানেই। সাধাৰণতে অকল কালজীৰা চাটনি খোৱা হয়। আজি মই ধনীয়াও যোগ দি বনালো। উপকৰণ: কাল জীৰা এমুঠি ধনীয়া এমুঠি নহৰু তিনি ফুটা জালুক 8-10 টা জলকীয়া দুটা নিমখ আধা চামুচ মিঠাতেল আধা চামুচ পানী প্ৰয়োজন অনুসৰি প্ৰণালী:             কাল জীৰা, জালুক আৰু নহৰু শুকানে অলপ ভাজি লব। এতিয়া সকলোখিনি উপকৰণ একেলগে পিছি লৈ ভাতৰ লগত পৰিবেশন কৰিব।                             ✍️সম্পূৰ্ণা কাকতি
Image
ভাপত দিয়া পিঠা আমি সদায় গুৰ বা চেনী আৰু নাৰিকল দি ভাপত দিয়া পিঠা খাই থাকোঁ। আজি মই অলপ বেলেগকৈ বনাবলৈ চেষ্টা কৰিলোঁ। খাই কিন্তু খুব ভাল লাগিল। এবাৰ বনাই চাবচোন। উপকৰণ: পিঠাগুৰি একাপ পাচলি মন পচন্দত লব; মই বন্ধাকবি, ফুলকবি, উলকবি (পিহি লোৱা), ধুনীয়া, আদা, জলকীয়া মিহিকৈ কুটি লৈছোঁ নিমখ সোৱাদ অনুসৰি ঘিঁ #পৰিৱেশনৰ বাবে আমলখি আৰু ধনীয়াৰ চাটনি লৈছোঁ। প্ৰণালী:            পিঠাগুৰি খিনিৰ লগত নিমখ আৰু অকণমান ঘিউ সানি লব। এতিয়া পাচলি খিনি লৈ সানি লব। অলপ অলপ পানী লৈ মুঠিয়াব পৰাকৈ সানিব চাব যাতে জৰজৰীয়াই হৈ থাকে। এতিয়া গিলাচত ঘিঁউ সানি (গিলাচ টো হুইছেলৰ জোখত ফুটাই লব) পিঠাখিনি দিব। কুকাৰত পানী অলপ গৰম হব দি হুইচেল খুলি ঢাকোণ লগাই দিব। পানী উতলিলে গিলাচ বহুৱাই ডেৰ- দুই মিনিট সময় সিজিব দিব। গিলাচটো বাতি এটাৰে ঢাকি দিব যাতে পাচলি খিনি সিজে। নমাই গৰমে গৰমে চাতনিৰ সৈতে পৰিৱেশন কৰক।
Image
পাপৰ কোমোৰাৰে ভাঙোন  মাছৰ আঞ্জা      মাছৰ আঞ্জা বনাইছিলোঁ, কিন্তু মাংস জোল খোৱা যেন লাগিছে। পাপৰৰ তৰকাৰী খোৱা হয় যদিও মাছৰ সৈতে খোৱা নাছিলোঁ। খুব ভাল লাগিল। আপোনালোকে ও বনাই চাবচোন। দুজনৰ বাবে উপকৰণ: মাছ দুপিছ কোমোৰা এডোখৰ লিজ্জত পাপৰ দুখন পিয়াঁজ এটা বিলাহী এটা আদা নহৰু পেষ্ট এক চামুচ কেঁচা জলকীয়া এটা শুকান জলকীয়া দুটা নিমখ হালধি জোখ মতে গোটা জীৰা এক চামুচ তেল পানী প্ৰণালী:             নিমখ হালধি সানি মাছ ফ্ৰাই কৰি লব। সেই তেলতে কোমোৰা আৰু পাপৰ ফ্ৰায় কৰি লব।              সেই তেলতে গোটা জীৰা দি পিয়াঁজ, কেঁচা আৰু শুকান জলকীয়া দি ভাজিব। এতিয়া আদা নহৰু পেষ্ট, বিলাহী কুটা, নিমখ, হালধি দি ভাজিব। বিলাহী গলিলে ভাজি ৰখা মাছ আৰু কোমোৰা দি ভালকৈ লৰাই পানী দিব। উতলিলে পাপৰ দিব। জোল কণ ডাঠ হৈ আহিলে নমাই ভাতৰ লগত পৰিৱেশন কৰিব।
Image
বিনা মচলাৰ সুস্বাদু জাতিলাও ভাজি উপকৰণ: জাতিলাও এটুকুৰা বগা সৰিয়হ এচামুছ নিমখ হালধি জোখমতে জলকীয়া দুটা তেল দুই চামুচ প্ৰণালী:               জাতিলাও টুকুৰা কুটি লব। এতিয়া কেৰাহী গৰম কৰি তেল দি সৰিয়হৰ ফুৰণ দি লাও খিনি যোগ কৰি লগতে নিমখ, হালধি আৰু জলকীয়া দি ভালদৰে ভাজিব। ভাজিখিনি কম জুইত ঢাকোন দি সিজাব। (ইচ্ছা কৰিলে বিলাহী যোগ দিব পাৰে।) নমাই গৰম ভাতৰ লগত পৰিবেশন কৰক।
Image
গাপত সিজোৱা চিকেন যোৱাকালি দেওবৰীয়া সাঁজত মাংস পাল মাৰি বনাইছিলোঁ। আজিকালি মাংস খাবলৈ মনেই নোযোৱা হল, যিহে গৰম। গৰমত বনাবলৈও মন নাযায়, সেয়ে চমু বাট বুলিলোঁ। কিন্তু চমু বাটটো লৈ ৰিক্স লৈ চালোঁ সঁচাকৈ খুব ভাল লাগিল। মানে মাংসখিনি খাই ভাল লাগিল। এনেকৈ যদি খোৱা নাই এবাৰ বনাই চাবচোন। বহুদিনৰ পৰা জিভাই বিচাৰি থকা নতুন জুতিটো কালি ঘপককৈ পাই গলো। এতিয়া আহোঁ ৰেছিপিলৈ:- উপকৰণ: কুকুৰা মাংস 400 গ্ৰাম  পিয়াঁজ ডাঙৰ দুটা নহৰু 10 ফুটা আদা সৰু এডোখৰ  শুকান জলকীয়া 8-9টা গোটা জালুক আধা চামুচ বিলাহী এফাল দৈ দুই টেবুল চামুচ  পকা জলকীয়া চাৰিটা মান গোটা জিৰা আধা চামুচ ধনীয়া গুৰি আধা চামুচ লং চাৰিটা ইলাচী তিনিটা ডালচেনি এটুকুৰা সৰু তেজপাত দুখিলা নিমখ হালধি জোখমতে চেনী এক চামুচ মিঠাতেল দুই চামুচ প্ৰণালী:              মাংসখিনি পোৰা আছিল বাবে মই ধোৱা নাই। পুৰি লোৱা মাংস খিনি হাঁহৰ মাংসৰ দৰে গোন্ধ ওলায় আৰু খাবলৈও খুব ভাল হয়। দৈ নিদিলেও হয়, তাৰ সলনি গ্ৰেভি হবলৈ পিয়াঁজ এটা পেষ্ট কৰিও দিব পাৰে।    প্ৰথমে , আদা, নহৰু, শুকান জলকী...

সৰু মাছৰ চৰচৰি - আখলঘৰ

Image
সৰু মাছৰ চৰচৰি অসমীয়া থলুৱা আঞ্জা বুলিলে টেঙা আৰু খাৰ বুলিয়েই প্ৰথমে মনলৈ আহে। তাতে মাছ হলে বিভিন্ন টেঙা আঞ্জাই খোৱা হয়। সৰু মাছ পাতত দিয়া জুতি লোৱা হয় যদিও সদায় পাতত দি খাব মন নাযায়, তাতে  মচমচিয়া কৈ ভাজি খাইও সদায় ভাল নালাগে। এই মাছৰ টেঙা আঞ্জাখনৰ সোৱাদ লৈ চাওঁ আহকচোন। দুজনৰ বাবে উপকৰণ: সৰু মোৱা মাছ প্ৰায় এমুঠি মান পিয়াঁজ এটা ডাঙৰ বিলাহী এটা নহৰু দুফুটা জলকীয়া দুটা নিমখ হালধি জোখমতে তেল জোখমতে পানী এক বাতি নেমু টেঙা এডোখৰ প্ৰণালী: মাছকেইটা ধুই লৈ নিমখ হালধি সানি লব।  পিয়াঁজ, বিলাহী কুটি লব। নহৰু দুফুটা থেতালি লব। জলকীয়া ফালি লব।  এতিয়া কেৰাহীত অকণমান তেল দি মাছকেইটা ভাজি লৈ উঠাই লব, মচমচিয়া নকৰিব।  সেই তেলতে পিয়াঁজ দি ভাজি নহৰু জলকীয়া দিব, তাৰ পাছত বিলাহী, নিমখ, হালধি দি ভালকৈ ভাজিব। বিলাহী গলিব ধৰিলে আধা বাতি পানী দিব আৰু বাকী থকা পানীখিনিত নেমু চেপি লৈ দি দিব। উতল আহিলে মাছ দি কম জুইত ঢাকোন দিব। পানী শুকুৱাই নিজৰ জোখত ৰাখি নমাই ভাতৰ লগত পৰিৱেশন কৰিব।