Posts

Image
পাপৰ কোমোৰাৰে ভাঙোন  মাছৰ আঞ্জা      মাছৰ আঞ্জা বনাইছিলোঁ, কিন্তু মাংস জোল খোৱা যেন লাগিছে। পাপৰৰ তৰকাৰী খোৱা হয় যদিও মাছৰ সৈতে খোৱা নাছিলোঁ। খুব ভাল লাগিল। আপোনালোকে ও বনাই চাবচোন। দুজনৰ বাবে উপকৰণ: মাছ দুপিছ কোমোৰা এডোখৰ লিজ্জত পাপৰ দুখন পিয়াঁজ এটা বিলাহী এটা আদা নহৰু পেষ্ট এক চামুচ কেঁচা জলকীয়া এটা শুকান জলকীয়া দুটা নিমখ হালধি জোখ মতে গোটা জীৰা এক চামুচ তেল পানী প্ৰণালী:             নিমখ হালধি সানি মাছ ফ্ৰাই কৰি লব। সেই তেলতে কোমোৰা আৰু পাপৰ ফ্ৰায় কৰি লব।              সেই তেলতে গোটা জীৰা দি পিয়াঁজ, কেঁচা আৰু শুকান জলকীয়া দি ভাজিব। এতিয়া আদা নহৰু পেষ্ট, বিলাহী কুটা, নিমখ, হালধি দি ভাজিব। বিলাহী গলিলে ভাজি ৰখা মাছ আৰু কোমোৰা দি ভালকৈ লৰাই পানী দিব। উতলিলে পাপৰ দিব। জোল কণ ডাঠ হৈ আহিলে নমাই ভাতৰ লগত পৰিৱেশন কৰিব।
Image
বিনা মচলাৰ সুস্বাদু জাতিলাও ভাজি উপকৰণ: জাতিলাও এটুকুৰা বগা সৰিয়হ এচামুছ নিমখ হালধি জোখমতে জলকীয়া দুটা তেল দুই চামুচ প্ৰণালী:               জাতিলাও টুকুৰা কুটি লব। এতিয়া কেৰাহী গৰম কৰি তেল দি সৰিয়হৰ ফুৰণ দি লাও খিনি যোগ কৰি লগতে নিমখ, হালধি আৰু জলকীয়া দি ভালদৰে ভাজিব। ভাজিখিনি কম জুইত ঢাকোন দি সিজাব। (ইচ্ছা কৰিলে বিলাহী যোগ দিব পাৰে।) নমাই গৰম ভাতৰ লগত পৰিবেশন কৰক।
Image
গাপত সিজোৱা চিকেন যোৱাকালি দেওবৰীয়া সাঁজত মাংস পাল মাৰি বনাইছিলোঁ। আজিকালি মাংস খাবলৈ মনেই নোযোৱা হল, যিহে গৰম। গৰমত বনাবলৈও মন নাযায়, সেয়ে চমু বাট বুলিলোঁ। কিন্তু চমু বাটটো লৈ ৰিক্স লৈ চালোঁ সঁচাকৈ খুব ভাল লাগিল। মানে মাংসখিনি খাই ভাল লাগিল। এনেকৈ যদি খোৱা নাই এবাৰ বনাই চাবচোন। বহুদিনৰ পৰা জিভাই বিচাৰি থকা নতুন জুতিটো কালি ঘপককৈ পাই গলো। এতিয়া আহোঁ ৰেছিপিলৈ:- উপকৰণ: কুকুৰা মাংস 400 গ্ৰাম  পিয়াঁজ ডাঙৰ দুটা নহৰু 10 ফুটা আদা সৰু এডোখৰ  শুকান জলকীয়া 8-9টা গোটা জালুক আধা চামুচ বিলাহী এফাল দৈ দুই টেবুল চামুচ  পকা জলকীয়া চাৰিটা মান গোটা জিৰা আধা চামুচ ধনীয়া গুৰি আধা চামুচ লং চাৰিটা ইলাচী তিনিটা ডালচেনি এটুকুৰা সৰু তেজপাত দুখিলা নিমখ হালধি জোখমতে চেনী এক চামুচ মিঠাতেল দুই চামুচ প্ৰণালী:              মাংসখিনি পোৰা আছিল বাবে মই ধোৱা নাই। পুৰি লোৱা মাংস খিনি হাঁহৰ মাংসৰ দৰে গোন্ধ ওলায় আৰু খাবলৈও খুব ভাল হয়। দৈ নিদিলেও হয়, তাৰ সলনি গ্ৰেভি হবলৈ পিয়াঁজ এটা পেষ্ট কৰিও দিব পাৰে।    প্ৰথমে , আদা, নহৰু, শুকান জলকী...

সৰু মাছৰ চৰচৰি - আখলঘৰ

Image
সৰু মাছৰ চৰচৰি অসমীয়া থলুৱা আঞ্জা বুলিলে টেঙা আৰু খাৰ বুলিয়েই প্ৰথমে মনলৈ আহে। তাতে মাছ হলে বিভিন্ন টেঙা আঞ্জাই খোৱা হয়। সৰু মাছ পাতত দিয়া জুতি লোৱা হয় যদিও সদায় পাতত দি খাব মন নাযায়, তাতে  মচমচিয়া কৈ ভাজি খাইও সদায় ভাল নালাগে। এই মাছৰ টেঙা আঞ্জাখনৰ সোৱাদ লৈ চাওঁ আহকচোন। দুজনৰ বাবে উপকৰণ: সৰু মোৱা মাছ প্ৰায় এমুঠি মান পিয়াঁজ এটা ডাঙৰ বিলাহী এটা নহৰু দুফুটা জলকীয়া দুটা নিমখ হালধি জোখমতে তেল জোখমতে পানী এক বাতি নেমু টেঙা এডোখৰ প্ৰণালী: মাছকেইটা ধুই লৈ নিমখ হালধি সানি লব।  পিয়াঁজ, বিলাহী কুটি লব। নহৰু দুফুটা থেতালি লব। জলকীয়া ফালি লব।  এতিয়া কেৰাহীত অকণমান তেল দি মাছকেইটা ভাজি লৈ উঠাই লব, মচমচিয়া নকৰিব।  সেই তেলতে পিয়াঁজ দি ভাজি নহৰু জলকীয়া দিব, তাৰ পাছত বিলাহী, নিমখ, হালধি দি ভালকৈ ভাজিব। বিলাহী গলিব ধৰিলে আধা বাতি পানী দিব আৰু বাকী থকা পানীখিনিত নেমু চেপি লৈ দি দিব। উতল আহিলে মাছ দি কম জুইত ঢাকোন দিব। পানী শুকুৱাই নিজৰ জোখত ৰাখি নমাই ভাতৰ লগত পৰিৱেশন কৰিব।
Image
আমলখি আৰু গৰৈ মাছৰ জুতিলগা আঞ্জা আমলখি, শিলিখাৰে মাছৰ জুতি নিশ্চয় লৈছে। কি অপূৰ্ব সোৱাদ নহয়নে বাৰু! আজি মই বনালোঁ আমলখি আৰু গৰৈ মাছৰ আঞ্জা। গৰৈ মাছ কেইটামান আছিল সেয়ে স্বাস্থ্যকৰ জুতিৰে বনাই মাজে মাজে খাই আছোঁ। উপকৰণ: গৰৈ মাছ দুটা আমলখি তিনিটা ডাঙৰ লৈছোঁ নহৰু দুফুটা সামান্য তেল নিমখ হালধি জোখমতে পানী এবাতি প্ৰণালী:             আমলখি তিনিটা খুন্দি গুটি উলিয়াই লব আৰু পানী বাটিত দি দিব লগত হালধি দিব। মাছ দুটা নিমখ হালধি দি ভাজি লব।  সেই তেলতে নহৰু খুন্দি দিব ৰঙচুৱা হলে আমলখি তিয়াই ৰখা পানীখিনি দি নিমখ দিব। উতল আহিলে মাছ দি কম জুইত ঢাকোন দি ৰাখিব। পানী শুকুৱাই আধা কৰিব বা নিজা জোখত ৰাখি নমাই ভাতৰ সৈতে পৰিবেশন কৰিব।
Image
তিয়ঁহৰ ৰাইতা উপকৰণ: টেঙা মিঠা দৈ একাপ সৰু তিয়ঁহ এটা মান ধনীয়া পাত চাৰি খিলা।  জিৰা গুৰি আধা চামুচ জালুক গুৰি আধা চামুচ নিমখ সোৱাদ অনুসৰি প্ৰণালী:               প্ৰথমে দৈ খিনি এটা পাত্ৰত লৈ ফেটি লব। এতিয়া তাৰ লগত ৰুকি লোৱা তিয়ঁহ, কুটি লোৱা মান ধনীয়া, ভাজি লৈ গুৰি কৰি লোৱা জিৰা গুৰি, জালুকৰ গুৰি আৰু নিমখ দি ভালকৈ মিহলাই অলপ সময় ফ্ৰীজত ৰাখি পৰিৱেশন কৰক।

Breakfast Recipe

Image
আচাৰ আৰু আলুৰ পুৰিৰ সৈতে ঘুগুনী উপকৰণ: পুৰিৰ বাবে আটা এক কাপ ময়দা আধা কাপ আলু দুটা মধ্যমীয়া আকাৰৰ (সিজোৱা) নিমখ জোখমতে হালধি এচিকুট আমৰ আচাৰ এটুকুৰা আৰু আচাৰৰ তেল তিনি চামুচ আজৱাইন এচিকুট মান ধনীয়া দুখিলামান আদা অকণমান ৰুকি লোৱা পানী ৰিফাইন তেল ভাজিবৰ জোখত প্ৰণালী:              এতিয়া এটা পাত্ৰত সকলোখিনি সামগ্ৰী(পানী, ৰিফাইন বাদ দি) একেলগে লৈ ভালদৰে সানিব। আমৰ আচাৰ টুকুৰা কুটি লৈ দিব । প্ৰয়োজন অনুসাৰে পানী যোগ দি ভালকৈ মথি লব। তাৰ পাছত আটাৰ বলটোত অকণমান ৰিফাইন সানি 15 মিনিটমান ঢাকি থব। পাছত সৰু সৰুকৈ বেলি লৈ ৰিফাইনত ভাজিব। ঘুগুণীৰ বাবে মটৰ আধাকাপ মিক্স ডালি এমুঠি বিলাহী এটা পিয়াঁজ দুটা আদা নহৰু পেষ্ট আধা চামুচ নিমখ হালধি জোখমতে গৰম মছলা আধা চামুচ মিঠাতেল জোখমতে পাঁচ ফুৰণ কেইটামান প্ৰণালী :              তিয়াই থোৱা মটৰ আৰু ডালি খিনি নিমখ হালধি আৰু জোখমতে পানী দি কুকাৰত তিনিটা চিটিত সিজাই লব। এতিয়া কেৰাহীত তেল গৰম কৰি পাঁচ ফুৰণ আৰু পিয়াঁজ দি ভাজি কুটা বিলাহী দি নিমখ অকণমান আৰু আদা নহৰু ...