Posts

Jackfruit seeds curry

Image
কঁঠালগুটি আৰু আলুৰ দম উপকৰণ: কঁঠালগুটি পোন্ধৰ-বিশ টা মান আলু দুটা পিয়াঁজ মধ্যমীয়া দুটা বিলাহী এটা আদা নহৰু পেষ্ট একচামুছ জলকীয়া দুটা নিমখ হালধি জোখমতে জিৰা ধনীয়া গুৰি এচামুছ বেচন এক চামুচ( শুকান কেৰাহীত ভাজি লব)          প্ৰথমে কঁঠালগুটি আৰু আৰু আলু সিজাই ল'ব। কেৰাহীত তেল গৰম কৰি কুটি লোৱা পিয়াঁজ দি ভাজি তাৰ পাছত আদা নহৰু আৰু বিলাহী দি ভাজিব। নিমখ হালধি দি লৰাই ঢাকি দিব। বিলাহী গলিব ধৰাত সিজাই থোৱা কঁঠালগুটি আৰু আলু খিনি দি লৰাই দিব। জিৰা ধনীয়া গুৰি দি ভালদৰে লৰাই আধা কাপ পানী দিব। ভালদৰে উটলাৰ পাছত এচামুছ বেচন 1/3 কাপ পানীত গুলি দি দিব। লাহে লাহে ডাঠ হৈ অহাত নমাই থব। গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক।

Veg momo

Image
ভেজ মম'          একেবাৰে সাধাৰণকৈ বনাইছোঁ। সৰু লৰা ছোৱালীয়ে খাব পৰাকৈ। এনেকৈ এবাৰ বনাই চাবচোন। খুব ভাল লাগে।  উপকৰণ: ম'ম'ৰ বাবে ময়দা একাপ পিয়াঁজ দুটা গাজৰ দুটা নিমখ সোৱাদ অনুসৰি আদা এটুকুৰা চাট মচলা আধা চামুচ (ঐশ্বিক) চয়া চচ এচামুছ ৰিফাইন তেল পানী প্ৰণালী:             ময়দা খিনিত নিমখ আৰু তেল দি সানি লব। এতিয়া পিয়াঁজ আৰু আদা মিহিকৈ কুটি লব। গাজৰ পিহনাত পিহি লব। তাৰ পাছত গাজৰ, আদা, পিয়াঁজখিনিৰ লগত নিমখ, চাট মছলা, চয়া চচ দি সানি ৰাখিব।             তাৰ পাছত মথি ৰখা ময়দাৰ সৰু সৰু লাড়ু বনাই বেলি লব। তাত পুৰখিনি এচামুচকৈ দি মেৰিয়াই ম'ম'ৰ  আকৃতি দিব। ফুটা থকা এটা পাত্ৰত তেল সানি ম'ম' খিনি দি 12মিনিটৰ পৰা 15 মিনিট ষ্টীম কৰিব। ষ্টীম কৰা পানীখিনিত অকণমান তেল দি দিব তেতিয়া ম'ম' কেইটা পানীৰ ভাপতো বেয়া নহয়।             জ্বলা দিয়া নাই সৰু লৰা ছোৱালীয়ে খাব বাবে, নিজৰ জোখত জালুকৰ গুৰি ব্যৱহাৰ কৰিব। চাটনিৰ বাবে: বি...

Mashed brinjal with fish

Image
বেঙেনাৰে মাছৰ পিটিকা উপকৰণ: ভাঙোন মাছ এটা বেঙেনা এটা নহৰু দুফুটা আদা এটুকুৰা ভূত জলকীয়া এডোখৰ নৰসিংহ পাত কেইখিলা মান পদিনাৰ আগ তিনিটা নিমখ জোখমতে প্ৰণালী:             ফ্ৰাই কৰি ৰখা ভাঙোন মাছটো শলাত খুচি লৈ কম জুইত পুৰিব। বেঙেনাও পুৰি লব। নহৰু দুফুটাও সামান্য পুৰি লব। এতিয়া মাছৰ মাজৰ কাঁইট ডাল গুচাই সকলোবোৰ উপকৰণ একেলগে দি পিচি পেষ্ট বনাই লব। গৰম গৰম ভাতৰ লগত পৰিবেশন কৰক।             এনেদৰে পোৰা গৰৈ মাছৰ লগত খুব ভাল লাগে।লগত ধনীয়া পাত অলপ কুটি বা পিচি দিলে আৰু সোৱাদ হয়। 

Chicken with mustard greens

Image
আমিষ লাইশাকেৰে মাংস ভজা উপকৰণ: ব্ৰইলাৰ মাংস ৩০০গ্ৰাম আলু চাৰিটা ওলকবি এটা লাইশাক সৰু এমুঠি পিয়াঁজ চাৰিটা আদা নহৰু জোখমতে মচলা (গোটা জিৰা, ধনীয়া, পাঁচফুৰণ আধা চামুচকৈ, জালুক এচামুছ, শুকান জলকীয়া দুটা ভাজি গুৰি কৰি লোৱা) তেল জোখমতে নিমখ হালধি  জোখমতে প্ৰণালী:             মাংস ধুই নিমখ হালধি সানি লব। কেৰাহীত তেল গৰম কৰি আলু আৰু ওলকবি ভাজি উঠাই লব। এতিয়া দুটা পিয়াঁজ তেলত ভাজি লৈ মাংসখিনি দি লৰাই আন দুটা পিয়াঁজ, বিলাহী, আদা নহৰুৰ একেলগে পেষ্ট বনাই লৈ মাংসখিনিৰ লগতে দি ভাজিব। ঢাকোন দি পুনৰ মাজে মাজে লৰাই ভাজি আলু আৰু কবি দিলোঁ লগতে মচলাৰ গুড়িখিনি দি লৰাই ঢাকোন দিব। সকলোবোৰ সিজাত লাইশাকখিনি কুটি লৈ দি অলপ ভাজি নমাই থব। গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰিব।                                               ✍সম্পূৰ্ণা কাকতি          

Mustard seeds chutney

Image
নিৰামিষ চাটনি সৰিয়হৰ চাটনি উপকৰণ: সৰিয়হ এক কাপ জলকীয়া ১০-১২ টা তেঁতেলী পেষ্ট এক চামুচ নহৰু ৮ ফুটা চেনী আধা চামুচ নিমখ এক চামুচ হালধি আধা চামুচ মিঠাতেল চাৰি চামুচ প্ৰণালী:             সৰিয়হ তিয়াই পিচি লব। জলকীয়া, নহৰু কুটি লব। কেৰাহী গৰম কৰি মিঠাতেল দি নহৰু দিব। নহৰুৰ কেঁচা ভাৱ গলে সৰিয়হ দিব লগতে জলকীয়া, নিমখ আৰু হালধি দি কম জুইত পাঁচ- ছয় মিনিটমান ভাজিব। তাৰ পাছত চেনী আৰু তেঁতেলীৰ পেষ্ট দি পুনৰ অলপ সময় ভাজি নমাই ৰাখিব। এই চাটনি ভাত, ৰুটি, পৰঠা সকলোৰে লগত পৰিৱেশন কৰিব পাৰে।

Papaya salad, mashed potato and curry banana

Image
     অতি সাধাৰণ আৰু সহজতে বনাব পৰা চালাড, পিটিকা আৰু চাটনি। আটাইকেইবিধ উপাদানেই আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। আহকচোন ইয়াৰ জুতি লওঁ। অমিতাৰ চালাড      অমিতা এডোখৰ পিহি লোৱা,কুটা পিয়াঁজ, জলকীয়া, নহৰু আৰু আদা পিহি লোৱা, নিমখ, কেইটোপালমান মিঠাতেল দি ভালদৰে মিহলাই লৈ পৰিবেশন কৰিব। পূৰাকল আলুৰ পিটিকা       পূৰাকল এটা আৰু আলু এটা সিজাই নিমখ,তেল,পিয়াঁজ,জলকীয়া দি পিটিকা কৰিব। মচন্দৰী পূৰাকল বাকলিৰ চাটনি         মচন্দৰী এমুঠি, পিটিকা কৰিবলৈ লোৱা কলটোৰ বাকলিখিনিৰ চোচ গুচাই লগত নহৰু,জলকীয়া,আদা,নিমখ দি পিচি চাটনি বনাব।      পূৰাকলৰ বাকলিৰ লগত মচন্দৰী বা অন্য একো নিদিয়াকৈও চাটনি খাবলৈ ভাল। লগত নহৰু,আদা, জলকীয়া দি পিছিলেই হয়।

Dry fish salad

Image
শুকান মাছৰ চালাড কেতিয়াবা বিবিধ ব্যঞ্জন বনাবলৈ এলাহ লাগিলে এনেকৈয়ে চালাড, চাটনি বা শুকানমাছৰ চাটনি, চালাড বা সিদ্ধ বনাও। আজি পিছে মই শুকান মাছৰ (বামলা মাছ) চালাড লৈ আনিছোঁ। একেবাৰে সাধাৰণ, একেবাৰে সহজ আৰু কম সময়ৰ ভিতৰত বনাব পাৰি এই চালাড। উপকৰণ: বামলা মাছ দুটা বিলাহী দুটা পিয়াঁজ এটা জলকীয়া তিনি চাৰিটা মান আদা এটুকুৰা নিমখ সোৱাদ অনুসৰি মিঠাতেল আধা চামুচ নেমু ৰস এচামুছ (ঐশ্বিক)    প্ৰণালী: মাছ দুটা ধুই লব। চাব যাতে কোমল হৈ নাযায়। তাৰ পাছত কম জুইত পুৰিব। পোৰা হলে চাফা কৰি সৰু সৰু টুকুৰাকৈ এৰুৱাই লৈ কাটি লোৱা বিলাহী, পিয়াঁজ, জলকীয়া, আদাৰ সৈতে নিমখ, তেল আৰু নেমুৰসৰ সৈতে ভালদৰে সানি লওঁক। আৰু ভাতৰ লগত জুতি লওক।