Posts

Kofta curry recipe

Image
Raw Banana and Potato Kofta Curry উপকৰণ: কাচকল দুটা আলু দুটা পিয়াঁজ চাৰিটা কুটি লোৱা আদা এটুকুৰা  নহৰু জলকীয়া চাৰিটা বিলাহী দুটা বেচন আধাকাপ নিমখ হালধি জোখমতে জিৰা ধনীয়া গুৰি আধা চামুচকৈ গোটা জিৰা আধা চামুচ তেল প্ৰণালী:           কাচকল আৰু আলু সিজাই লৈ দুটা পিয়াঁজ কুটা, আদা অকণমান পিহি লোৱা, দুটা কুটা জলকীয়া, নিমখ, হালধি, বেচন দি পিটিকি ললোঁ। বেচনৰ পৰিমাণ কম বেছিও হব পাৰে। তাৰ পাছত বল বনাই কম জুইত ভাজিলোঁ।                     এতিয়া আকৌ কেৰাহীত অকণমান তেল দি গোটা জিৰা,পিয়াঁজ ডাঙৰকৈ টুকুৰা কৰা,গোটা নহৰু,আদা, জলকীয়া, বিলাহী খিনি ভাজিলোঁ। অলপ সিজা যেন হোৱাত নমাই ঠাণ্ডা কৰি পেষ্ট বনালোঁ।             আকৌ কেৰাহী গৰম কৰি এচামুছ তেল দি পেষ্টখিনি দি নিমখ,হালধি, জিৰা ধনীয়া গুৰি দি ভাজি পানী দিলোঁ। ভালদৰে উতল অহাত বৰ কেইটা দি লৰাই নমাই থলোঁ।  ফ্ৰাই কৰোঁতে তেলত এচিকুট নিমখ দি ললে তেল কম শুহে।

Base for all types of gravy or Curry - আখলঘৰ

Image
Base for all types of gravy - আখলঘৰ যিকোনো ব্যঞ্জনৰ বাবে গ্রেভিৰ আধাৰ বা বেচ - আখলঘৰ     ঘৰলৈ সৰহীয়া আলহী অহাৰ খবৰ আহিলে উথপথপ লাগে নহয় জানো। কি ৰান্ধিম, কি খুৱাম, ইমান সোনকালে কেনেকৈ যা যোগাৰ কৰিম। মটৰ পনীৰ, চলে বা বুটৰ ঘুগুনি, মাংস, কোফ্টা, পটল আলুৰ ডালনা, ৰাজমা, কণীৰ দম, ডাল ফ্ৰায় আদিকে ধৰি যিকোনো গ্ৰেভিৰ বাবে এই বেচ টো বনাই লব পাৰে। আগদিনা ৰাতিয়েই বনাই থৈ পাছদিনা মন পছন্দৰ যিকোনো ব্যঞ্জন বনাব পাৰে। ফ্ৰিজত ৰাখি কেইবাদিনো ব্যৱহাৰ কৰিব পাৰে।  উপকৰণ: পিয়াঁজ তিনিটা মধ্যমীয়া আকাৰৰ বিলাহী ডাঙৰ দুটা শুকান জলকীয়া চাৰিটা নহৰু 20 ফুটা আদা এটুকুৰা  তেজপাত দুখিলা লং তিনিটা ইলাচী তিনিটা দাল চেনী এটুকুৰা মিঠাতেল চাৰি টেবুল চামুচ পানী এক কাপ প্ৰণালী: পিয়াঁজ বাকলি গুচাই ধুই লৈ, ডাঙৰকৈ কাটি লব। নহৰু আদা বাকলি গুচাই ধুই লব। বিলাহী ধুই ডাঙৰকৈ কাটি লব। কেৰাহি গৰম কৰি দুই টেবুল চামুচ তেল দিব। তাতে শুকান জলকীয়া, লং, ইলাছি, দালছেনি, তেজ পাত দিব। কাটি লোৱা পিয়াঁজ, আদা, নহৰু যোগ দি দুই মিনিট ভাজিব। এতিয়া বিলাহী যোগ দি মধ্যমীয়া জুইত তিনি মিনিট ভাজি পানী এক কাপ দি লৰাই ঢাকি দিব। দহ মিনি

পইঁতা ভাত Poita bhat

Image
নিৰামিষ পইঁতা ভাত/ পন্তা ভাত অসমৰ সকলোৰে প্ৰিয় খাদ্য পন্তা ভাত। বেয়া পোৱা খুব কমেইহে ওলাব চাগে।  ১/ পানী দিয়া ভাতৰ সৈতে নিমখ, তেল আৰু পিয়াঁজ ২/আলু পিটিকা ৩/বাদামৰ চাটনি ৪/পিয়াঁজ, জলকীয়া আৰু পানীটেঙা ৫/পটল, ভেন্দি ভাজি ৬/আচাৰ প্ৰণালী: *ৰাতিয়েই ভাতত পানী দি ৰাখিব। পৰিৱেশনত নিমখ, তেল আৰু পিয়াঁজ ব্যৱহাৰ কৰিব পাৰে। *সিদ্ধ আলুৰ লগত নিমখ, তেল, পিয়াঁজ আৰু জলকীয়া দি পিটিকা কৰিব। *বাদাম ভাজি লৈ বাকলি গুচাই আদা, নহৰু, জলকীয়া, নিমখ আৰু পানী দি মিক্সি ত পিচি লব। *কেৰাহীত তেল গৰম কৰি গোটা জীৰা, শুকান জলকীয়া আৰু পিয়াঁজ দি ভাজি কাটি লোৱা পটল আৰু ভেন্দী, নিমখ, হালধি দি অলপ সময় ভাঁজি বিলাহী এটা কাটি দিব। বিলাহী সিজাত অকণমান গৰম মচলা দি লৰাই ঢাকি দি দুই মিনিট পাছত নমাই পৰিৱেশন কৰক।

Sprouted moong raita আখলঘৰ

Image
গজালি ওলোৱা মগু-বুটৰ ৰাইটা ভাৰতীয় খাদ্য সমূহৰ সৈতে কাঁহীৰ দাঁতিত ৰাইটাৰ পৰিৱেশন কৰা হয়। নান, ৰুটি, পোলাও, বিৰীয়ানি, কাবাব, ফ্ৰাইড ৰাইচ আদিৰ লগত পৰিৱেশন কৰা হয়।  ইয়াক বিভিন্ন ধৰণে পৰিৱেশন কৰিব পাৰি। তাৰ ভিতৰত তিঁয়হৰ ৰাইটা, ভেণ্ডিৰ ৰাইটা, মিহলি পাছলিৰ ৰাইটা, বিলাহী ৰাইটা, কলৰ ৰাইটা, বিভিন্ন ফল মূলৰ ৰাইটা, গজালি ওলোৱা মগু মাহৰ ৰাইটা ইত্যাদি। উপকৰণ: দৈ : এক কাপ গজালি ওলোৱা বুট মগু: ১/৩ কাপ বিলাহী : এফাল তিঁয়হ : এটুকুৰা পিয়াঁজ: সৰু এটা ভজা বাদাম : এক চামুচ জলকীয়া: এটা নিমখ: আধা চামুচ চেনী: ১/৪ চামুচ (ঐশ্বিক) জলকীয়া গুৰি এছিকুত ভজা জীৰা গুৰি এচিকুত প্ৰণালী: *এটা পাত্ৰত দৈ খিনি ফেটী লব। * তিঁয়হ, বিলাহী, পিয়াঁজ, জলকীয়া কুটি লব। *এতিয়া দৈৰ লগত কুটি লোৱা উপকৰণৰ সৈতে গজালি ওলোৱা বুট আৰু মগু, ভজা বাদাম, নিমখ, চেনী দি এখন চামুচৰ সহায়ত মিহলাই লব।  *এতিয়া নিজৰ পছন্দৰ পাত্ৰত ঢালি লৈ জলকীয়া গুৰি আৰু জীৰা গুৰি দি পৰিৱেশন কৰক।

Dahi Fuska

Image
দহি  ফুচকা প্ৰায় লোকৰ ফুচকা বা পানী পুৰি, দহি ফুচকা বা অন্য চাট, চট্পটা খাই ভাল লাগে নহয় জানো। ঘৰতে জুতি লওঁ আহক। ইয়াৰ বাবে আপোনালোকক তলত উল্লেখ কৰা উপকৰণ কেইটা লাগিব। পাপৰৰ বাবে উপকৰণ চুজি এক কাপ ময়ডা দুই টেবুল চামুচ ৰিফাইন তেল এক চামুচ নিমখ সোৱাদ অনুসৰি বেকিং ছদা ১/৪চামুচ পানী প্ৰয়োজন অনুসৰি ভাজিবলৈ যিকোনো তেল লব প্ৰণালী:  * চুজি, ময়ডা, নিমখ আৰু বেকিং ছদা মিহলাই  লৈ ৰিফাইন দি ভালদৰে হাতেৰে সানি মিহলি কৰি লব।  *এতিয়া অলপ অলপকৈ পানী দি সানি লব।  *তাৰ পাছত আধা ঘণ্টা এখন কাপোৰে ঢাকি ৰাখিব। * মন কৰিব যে দ' টো বেছি টান বা ঢিলা হব নালাগে। টান হলে অকণমান পানী দি সানি লব, ঢিলা হলে চুজি যোগ দি সানিব।             *এতিয়া  ৰুটিৰ দৰে পাতলকৈ বেলি পুৰিৰ জোখত কাটি লব। তাৰ পাছত দীপ ফ্রায় কৰিব, মধ্যমীয়া জুইত, ৰঙচুৱা হোৱাকৈ। এতিয়া আহো  দহি ফুচকাৰ প্ৰণালী লৈ।  উপকৰণ: ফুচকা পাপৰ 12 টা দৈ আধা কাপ সিদ্ধ আলু এটা  পিয়াঁজ এটা কেঁচা জলকীয়া এটা তেতেলী চাটনি আধা চামুচ(ঐশ্বিক) কুটা ধনীয়া দুই চামুচ জলকীয়া গুৰি ১/৪ চামুচ চাত মচলা আধা চামুচ নিমখ সোৱাদ অনুসৰি   প্ৰণালী:  *সিদ্ধ আলুটো, পিয়াঁজ, কেঁচা জ
Image
পন্তা ভাত/ পইতা ভাত বহাগৰ বিহুত পইতা ভাত খোৱাৰ পৰম্পৰা আছে। আজি দুপৰীয়া আমিও জুতি ললো। মোৰ পৰিৱেশনত আছিল ১/ পানী দিয়া ভাত নিমখ আৰু মিঠাতেল দিয়া ২/গুটি আলুৰ ভাজি ৩/কেপচিকাম, আলু আৰু বিন ভাজি ৪/আলু আৰু কণী পিটিকা ৫/ বেঙেনা পিটিকা ৬/কণ বিলাহী পোৰা ৭/কণ বিলাহী আচাৰ ৮/পদিনা চাটনি ৯/নেমু ১০/জলকীয়া আৰু নিমখ কেনেদৰে জুতি ললো:  *ৰাতিৰ ভাত পুৱাই পানী দি ৰাখিলোঁ।  *সৰু গুটি আলু মেথি দি ভাজিলোঁ  *পাঁচ ফোৰন দি কেপসিকাম, আলু আৰু বিন ভাজি  *আলু আৰু কণী; নিমখ, তেল, জলকীয়া আৰু পিয়াজ পাত দি পিটিকা  *বেঙেনা জলকীয়া, পিয়াজ পাত, নিমখ, তেল দি পিটিকা *কণ বিলাহী পুৰি নিমখ জলকীয়া দি পিটিকা

Meggie bhel

মেগী চাত/ভেল Lockdown বুলি ঘৰতে সোমাই আমনি লাগিছে, নহয় নে বাৰু! ইটো সিটো বনাই খাই থাকিব মন যায়। যদিও ষ্টক সীমিত। আজি মই আবেলি জুতি লবলৈ এটা ৰেছিপি আনিছোঁ। একদম উজু আৰু সোৱাদ যুক্ত। তাতে মেগীৰ, অলপ বেলেগকৈ জুতি লওঁ আহক। মেগী ভেল উপকৰণ: মেগী এক পেকেট গাজৰ এটুকুৰা বিলাহী ১/৪ টা তিয়ঁহ এটুকুৰা চানা তিনি টেবুল চামুচ পিয়াঁজ এটা জলকীয়া এটা লেমন জেষ্ট্ অকণমান (ঐশ্বিক) নেমু ৰস একচামুচ কুটি লোৱা ধনীয়া পাত এক চামুচ নিমখ সোৱাদ অনুসৰি টমটো চচ এক টেবুল চামুচ ৰিফাইন তেল একচামুচ     প্ৰণালী: কেৰাহীত তেল গৰম কৰি টুকুৰা কৰি লোৱা মেগী খিনি দুই মিনিট ভাজি লব, ৰঙচুৱা হোৱাকৈ। এতিয়া এটা পাত্ৰত টমেট চচ আৰু মেগী মচলা খিনি এখন চামুচৰ সহায়ত ভালদৰে মিহলি কৰিব। তাতে কুটি লোৱা পিয়াঁজ, জলকীয়া, তিয়ঁহ, বিলাহী, ধনীয়া, লেমন যেষ্ট আৰু পিহি লোৱা গাজৰ দি মিহলাই লৈ ভাজি লোৱা মেগী, চানা, নেমু ৰস আৰু জোখমতে নিমখ সানি পৰিবেশন কৰক। #তমেট চছ বনোৱা পদ্ধতিৰ লিংক দিছোঁ। বনাই ভালদৰে বহুদিন ৰাখিব পাৰে। https://sampurna11akholghor.blogspot.com/2020/04/blog-post.html?m=1 #মেগী খিনি শুকানে ভাজি লব পাৰে।