পন্তা ভাত/ পইতা ভাত বহাগৰ বিহুত পইতা ভাত খোৱাৰ পৰম্পৰা আছে। আজি দুপৰীয়া আমিও জুতি ললো। মোৰ পৰিৱেশনত আছিল ১/ পানী দিয়া ভাত নিমখ আৰু মিঠাতেল দিয়া ২/গুটি আলুৰ ভাজি ৩/কেপচিকাম, আলু আৰু বিন ভাজি ৪/আলু আৰু কণী পিটিকা ৫/ বেঙেনা পিটিকা ৬/কণ বিলাহী পোৰা ৭/কণ বিলাহী আচাৰ ৮/পদিনা চাটনি ৯/নেমু ১০/জলকীয়া আৰু নিমখ কেনেদৰে জুতি ললো: *ৰাতিৰ ভাত পুৱাই পানী দি ৰাখিলোঁ। *সৰু গুটি আলু মেথি দি ভাজিলোঁ *পাঁচ ফোৰন দি কেপসিকাম, আলু আৰু বিন ভাজি *আলু আৰু কণী; নিমখ, তেল, জলকীয়া আৰু পিয়াজ পাত দি পিটিকা *বেঙেনা জলকীয়া, পিয়াজ পাত, নিমখ, তেল দি পিটিকা *কণ বিলাহী পুৰি নিমখ জলকীয়া দি পিটিকা